সঞ্জয়,
মোৰ অন্ধ নয়ন
ৰজা হলোঁ মই পিতৃ নহলোঁ
অক্ষম ধৃতৰাষ্ট্ৰ ।।
শিথিল ন্যায়ৰ দণ্ড
সিংহাসনত বহি মাথোঁ মই
শিকিলোঁ ভোগৰ মন্ত্ৰ
সময়ে
বজ্ৰ কণ্ঠৰে ক’লে
পৌৰুষ
নাছিল আছিল ভীৰুতা
ক্ষমতা ৰ’লেই ভাবিছিলোঁ মই
ৰ’ব যুগমীয়া খ্যাতি
হায়, ভস্মপ্ৰজাৰ শ্মশানৰ ৰজা
জুই লেলিহান ৰাষ্ট্ৰ ।।
কথা : নিৰ্মলপ্ৰভা বৰদলৈ
সুৰ : মুকুল বৰুৱা
শিল্পী : ভূপেন হাজৰিকা )
(ইউনিক'ডীয় ৰূপান্তৰ → মালিনী গোস্বামী)
No comments:
Post a Comment