মই
কুনিমুনি
অক’মানি
ছোৱালী
ফুটুক্টুকী
মই
টুক্টুক্কৈ
ফুৰোঁ
খেদি
খেদি পখিলী
ধূলিৰে
ধেমালি মোৰ
অক’মানি
ছোৱালী ৷
দেউতাৰ পদূলিত
ফুল
সৰে শেৱালি
মই
ফুৰোঁ বুটলি,
একোঁচ
দুকোঁচকৈ
তিনিকোঁচ
পাঁচকোঁচ
আনো
যে তুলি ৷
আইতাৰ থাপনাত
ফুলৰ
শৰাই পাতি
চাকি
দিওঁ গধূলি,
সেৱা কৰি
ৰৈ
থাকোঁ
লাৰুৱা
গোসাঁইটিয়ে
লাৰু
এটা
মোকো
আনি
খাবলৈ
দিবহি বুলি ৷
এশৰাই ফুল দিওঁ
থাপনাত চাকি দিওঁ আশা পালি
নিতে
নিতে গধূলি
মই যে অক’মানি
ছোৱালী ৷
বগীতৰা বকুলে
দুবৰিৰ
নিয়ৰেৰে
মৰমৰ কথা পাতে
উৰুলিজোলোকা
দি
হাঁহে
সোণ ৰ’দালি,
কুক্-ভা বুলি মই
সিহঁতৰ
ভাগি দিলোঁ
মই
বুজ নোপোৱা
অমাতৰ কাকলি ৷
বগীতৰা বকুলীক
লৈ
আহোঁ ঘৰলৈ
গোন্ধৰ
হাঁচটিখন
কৰি
দিয়ে মুকলি
মোৰে
স’তে খেলি খেলি ৷
অক’মানি
ছোৱালী ...
খং
হ’লে নাই মোৰ
ৰং
হ’লে আছে,
নাকান্দো নহয় মই
ঠেহ
পাতোঁ পাছে ৷
হাহোঁ, মাতোঁ, গান গাওঁ
সপোনত
দেখা পাওঁ
কুনিমুলি
বগা হাতীপোৱালি ;
মোৰ বানবাটিটোৰ
গাখীৰ
সোপাকে খাই
গোৰ মাৰি ভাঙি দিয়ে
গাখীৰৰ
টেকেলি,
শুৰেৰে মেৰাই আনি
কোঁচ
ভৰি দিয়ে মোক
ক’ৰবাৰ
ফুলবোৰ সোণালী-ৰূপালী
লোথোক্
লোথোক্ নাচে
বগা
হাতীপোৱালি ৷
আহ্ অ’, আহ্ অ’
ৰঙা
চৰাই !
কুতুকুক্ কুতুলুক্
গান
গাই গাই
আহ্
অ’
আহ্
অ’ ৰঙা চৰাই ৷
ৰঙাজবাৰ আমি
মউজোল
খাম,
পুতলাৰ নাচ-বাগ
তোক
দেখুৱাম ৷
মোৰে স’তে হাঁহিবি
মোৰে স'তে নাচিবি
মোৰে স'তে নাচিবি
মোৰখন কাঁহীতে
ভাত
দিম, দুধ দিম
খুটুক্
খুটুক্কৈ
খুটি
খাবি ৷
অ’ বুলবুলি !
নেজ
নচুৱাই নাচ
কুতুলুক্
কুতুলুক্ বুলি ৷
মাজনীয়ে মোক
আনেগে’
ধৰি
সাতোটা
বাজিল বুলি
দেখুৱাই
ঘড়ী
পঢ়াবলে’
বহুৱায়....
অকলে
পুতলাবোৰ
আমন-জিমনকৈ
থাকে
পৰি পৰি ;
‘ক’টোৰ
শুৰডাল
দেখি
মোৰ লাগে ভাল,
পুতলা হাতীটোলে’
মনত
আক’ জোকাৰে এচাৰি ৷
‘ঙ’টো
দেখিলে মই
চকুৰ আগেদি মোৰ
বেংটোৱে মাৰে বৰ জাঁপ ;
দন্তীয়া স দেখি
চকুৰ আগেদি মোৰ
বেংটোৱে মাৰে বৰ জাঁপ ;
দন্তীয়া স দেখি
গোটেই
আখৰবোৰ
লাগে
যেন
এটা
ঢোৰাসাপ,
মোক যেন
মেৰিয়াই ধৰে
পুতলাৰ
ওচৰলে’
যাবলৈ
নিদিয়ে ৷
একাৰ ডালে বাৰে বাৰে
কৰে
দিগ্দাৰ
ঘড়ীটো নাবাজে কিয়
কাঁটাডাল
ৰৈ থাকে তাৰ ?
বৰ ভোক লাগে মোৰ
ভোকে
আহি ধৰে,
মাজনী বৰ বেয়া
তেও
মোক নেৰে ৷
আমাৰ ঘৰটো ভাল
ফুল
থকা আগফাল ,
আমে-জামে
কলাগাছে
তামোলৰে
ভৰা পাছফাল ৷
চিৰা খুন্দা ঢেকীশাল
লগতে
খুন্দনা এটা
এটা
উৰাল,
ফুলাম-গামোচা বোৱা
মাৰ
তাঁতশাল
দুবৰি বনেৰে আছে ধুনীয়া চোতাল ৷
পিছে হ’লে
ময়ে
আৰু
অকণ বাপুয়ে
চিক্
চিক্কৈ জানো
পাকঘৰটোহে হ’লে
আটাইতবোৰতকৈ
ভালতোকে ভাল ৷
আলু পোৰা
কেনে
মজা
থাকে তাত
মাছ
ভজা
মিঠৈ-সন্দেহ
থাকে
যত
পাৰি খাবি ;
মাজনীয়ে হলে
তালে বাৰে বাৰে গ’লে
চকু পোন্দোৱাই ধৰি
দুৱাৰত
মাৰি দিয়ে
শকত
ভোম্বোলসিং
মস্ত
তলা-চাবি ৷
তলাডালে
হাঁহে
চাই
ঢেক্ঢেক্কৈ...
এনে খং উঠে যেন
তাক
ধৰি
ভুকু
দিমগৈ ৷
ৰিকিমিকি পখিলাৰ চিকিমিকি পাখি
ৰিণ্জিন্ বিননিৰে উৰে মউমাখি ৷
আমে-জামে মলিয়ায় কুঁহি কুঁহি পাত
বাইদেৱে বিহুনাম গায় জাত জাত ৷
কিমান
তাৰিখে বিহু
জানানেহে
বাৰু ?
ঘিলাপিঠা এনে এঠা
খোলাচপৰীয়া মিঠা
শিং থকা তিলপিঠা
ৰঙা-বগা
আলু
নাৰিকলৰ
লাৰু,
খাই
মোৰ লাগে ভাল
বাইদেৱে বিহু নাচে জোকাৰি কঁকাল ৷
ৰেঁচ্পেঁচ্
পোছাকেৰে
বাইদেৱে
ধুনপেঁচ
মাৰি
যায়
থিয়েটাৰ-ভাওনা
চাবলে',
মই যাব খুজিলেই
টোপনি
আহিব বুলি
পুতলা
দিমহি বুলি
ফুচুলায়
শুবলে’ ৷
কোনোবা টলকতে
বাইদেউ
গুচি যায়গৈ,
বিচনাত বহি বহি
পুতলাৰ
কথাকেই
গুণি
গুণি ভাবি থাকোঁ মই ৷
ডাঙৰ যেতিয়া হ’ম
কিমান
ইমানবোৰ পুতলা আনিম,
দেউতাৰ চন্দুকৰ
পইচাসোপাকে
নি
গোটেই
বজাৰৰে পুতলা কিনিম ৷
কি কি কিনিম জানা ?
বহুত
কিনিম
দোকান
উদং কৰি তেনেই আনিম ৷
এক্ দুই
তিনি চাৰি
পাঁচ
সাত বাৰ তেৰ ন দহ বিছ্
একইছ্
বাইছ্ তেইছ্
পয়ত্ৰিছ্
ছয়ত্ৰিছ্
এশ দুশ অষ্টসত্তৰ
ঊনানব্বই
একানব্বই বিৰানব্বই বহুত নব্বই
কিনি
কিনি পুতলা
দিম
থই থই ৷
হাঁহ পেক্
পেক্ কৰা
চাৰি
দিলে লৰ মৰা
টেপা
দিলে কেঁক কৰা ৰবৰৰ ল’ৰা
ভোকোহা
নোকোহা এটা নাক-মুখ খৰা ৷
মস্ত
মলুৱা এটা টেঙৰ বান্দৰ
ভেঙুৰা-ভেঙুৰি
কৰি
ছুই
দিলে মাৰে বৰ লৰ ৷
আনিম আনিম এটা ওৰাংওটাং
মূৰত চেপিলে তাৰ
তাল
বায় খেটাংখেটাং ৷
হনুমান মুখ মেলি কৰে কাপ্ কাপ্
কাণখন মোহাৰিলে মাৰে থিয় জাঁপ ৷
ঢেকুৰা কুকুৰ এটা ভেবেলা কুকুৰ
ৰছীৰে টানিলে লৰে টুকুৰ টুকুৰ ৷
এখৰাহি আনি থম
অক’মান
ল’ৰা,
এডলা ছোৱালী কিনি
খৰাহিৰ
পৰা দিম এটা এটা দৰা ৷
বিয়া হ’ব ধুমধাম্
ঢোল বাব ধিন্দাং
গিজিতাং গিজিতাং
ধিনিদাং খিতাং খিতাং
ধিনিদাং খিতাং খিতাং
নাম
গাম জাত্ জাত্
পানী
তুলি তুলি আহি
বৰবিয়া
হৈ গ’লে, বাহীবিয়া
হ’ব
পিছে
খাম
ভোজ-ভাত,
বাইদেউক
হলে মই
সোমাবলে’
নিদিম কোঠাত ৷
মোক যদি আগলৈ
ভাওনালে’
নিম বুলি কয়,
তেতিয়াহে
পাব কিবা
যদি
বাকী ৰয় ৷
তাৰ পিছে আক’
মই
কিনিম
খেলনা গৈ,
ভাত ৰন্ধা
সৰু
সৰু
চছ্পেন
চৰু
কেৰাহী, ডেগ্ছি তেৱা
আৰু পানী উতলোৱা
সেইটো
যে কি নাম ?
কেটেলী
নে কেটেলাপহু ?
কেবাটাও
বট্লহি খুব সৰু সৰু ৷
হেতা কৰছুলি
আৰু
লোহাৰ জিঁজিৰা
চামুচ
কটাৰী কাঁটা
কল
এটা কণী ফেটা
ৰুটিপুৰি
বেলিবলে’ বেলোন বেলেনা
ৰন্ধা-বঢ়া
কৰা জত
আছে
খেলনা ৷
ভাত
হ’ব ভক্ ভক্,
দাইলখন
উতলিলে
বক্
বক্ বক্
চেঁৎকৈ মাৰি দিম
জলকীয়া
জিৰাৰ চমক্,
চমকৰ ভমকত উঠে যদি জুই
বাল্টিৰ পানী মাৰি দিম ধৰি ধুই ৷
তাৰ
পিছে ভজা-পোৰা
বছাত
লাগিম,
পেটুৱা ভেঙেনা আনি
তাৰ
ধৰি পেটটো ফালিম ৷
লঠামূৰা লাওটোৰ
টিকনি
কাটিম,
ঘেচেৰ্ ঘেচেৰ্কৈ
মাছবোৰ
আনি আনি
মৈদাত
বাছিম-কাছিম,
আলু-পটলৰ
ধৰি বাকলি চাঁচিম ৷
মূলাবোৰ কাটি যাম
খচ্
খচ্কৈ
মাজে মাজে এটুকুৰা
খাম
তাৰে মচ্মচ্কৈ ৷
ঠাহি ঠাহি
কুটি
যাম
এটা
কলডিল,
ভাজিবলে’ বাছি লম
খুতৰীয়া
শাক জিল্মিল ৷
শাক-পাচলি চব
বাছিম
কুটিম,
মটৰ-মাহখিনি হলে
কোচত
থৈ দিম ৷
হুটুৰ হুটুৰকৈ
ঔ
টেঠা এটা আনি
মাটিত
খুন্দিম,
তিনিফাল চাৰিফাল
কৰি
তাৰে
বখলিয়াই
মই
টেঙাশাক
আঞ্জা ৰান্ধিম,
আধাখিনি
হওঁতেই নিমখ
চাকিম
৷
পাতত দিয়া, ভাতত দিয়া
খৰলি জালুকীয়া
অসমীয়া
খাৰ্-টেঙা
খাই
খাই টকালি পাৰিবি,
কেঞাৰ ৰহৰ দালি
খাই-বৈ
উগাৰ মাৰিবি ৷
পাপৰ ভজা কুচ্কুচ্
আলু ভজা মুচ্মুচ্
কনীভজা
আমলেট্
ইংলিছ
টোছ্
‘মোগলাই কাৰী’
আৰু
কোপ্তা-পোলাও,
জলা পাই হ’ব
তোৰ
চকুপানী
ওলাওঁ ওলাওঁ ৷
ৰঙলুৱা চৰ্চ্চৰি
পালে
খাবি জাঁপ ধৰি,
ইংৰাজী কাট্লেট
বইল
ৰোছ্ ফোছ্
খালে তোৰ বাপুকণ
হ’ব
দিলখোছ ৷
ৰান্ধনী-বাঢনীবোৰ
বৰ
ভাল পাওঁ,
ঘিউ আছে
মউ
আছে
দুধ
আছে
দৈ
আৰু
আখৈ
খাওঁ
লৈ লৈ ৷
কঠালগুটিটো পোৰা; জুইত দিলে ধুম্ কৰা
কছুৰী, ফুলৰী-বড়া
ৰসগোল্লা
ৰসকৰা
খেদি
খেদি খাওঁ
এটা
কথাহে হ’লে বৰ বেয়া পাওঁ ৷
তিতা তিতা নিমপাত
কেটেহা পটল পাত
তিতাকেৰেলা,
খালে মোৰ লাগে যেন
জিভাত
বগাই যেন
এটা
বৰ চেলা ৷
তাতোকৈ আৰু
বেয়া পাওঁ বাৰু
মায়ে
মোক যেতিয়াই
কন্দুৱাই
কন্দুৱাই,
ভাল ভাল বুলি বুলি
বেয়া
বেয়া দৰৱ খুৱায় ৷
মুখখন ধৰে ফালি
চামুচেৰে দিয়ে ঢালি
হাত-ভৰি
এছাৰিলে
এৰিবৰ
নাই,
দেউতাও আহি
প্ৰথমতে
হাঁহি
কয়
বোলে ঔষধ বৰ ভাল ;
তথাপি নাখালে মই
দাবি
মাৰি
ঘৰ-বাৰী
কৰে
তালফাল
ইমান
খঙাল !
নানান বিলৈ কৰি
নগুৰ-বাগতি
কৰি
ধৰি
ধৰি ঔষধ খুৱায়,
ডাঙৰ হলেই মই
দৰৱসোপাকে
গই
পুখুৰীত
দিম নি পেলাই ;
ভাত খাই উঠিলেই
দেৱাই
খুৱাই বুলি
ভাতকেই
খাবলই
মাজে
মাজে
মনকে
নাযায় ৷
ডাক্তৰডাল
কিয়
জানো ঘনে ঘনে
আমাৰ
ঘৰলে’ আহে
দুষ্ট
পেটাল !
তাক দেখিলেই মোৰ
চুলি
আগে জীৱ যায়
দেৱাই
দেৱাই তাৰ
গাটো
গোন্ধায়,
বেজী মাৰি সেইটোৱে বৰ ৰং পায়,
খেক্খেক্কৈ
হাঁহে
মোক
কন্দা চাই ৷
মোক আক’ মিছাকৈয়ে
মৰম
কৰিম বুলি
ছোৱে
মোৰ গাল,
ভয়তেই
হওঁ লালকাল ৷
ভাইটিয়ে-ময়ে লৰি
সোমাওঁ
চুকত,
বিচাৰিলে দেখে মোক
খাটৰ
তলত ৷
মায়ে কয় ডাক্তৰডাল
বৰ
হেনো ভাল,
নহয় নহয় মা
সেইডাল
কেতিয়াও
হবই
নোৱাৰে ভাল...
সি
যমকাল,
ডাঙৰ হলেই মই
খুন্দি
তাৰ
ভাঙি
দিম ঢোৰোহা কঁকাল ৷
[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা
শিশু-কবিতা]
[ইউনিক’ড
ৰূপান্তৰ: দিগন্ত শইকীয়া]
+++++++++++++++++++++
No comments:
Post a Comment