অনুসন্ধান আকাংক্ষাত

Saturday, September 1, 2012

কি বিচাৰি ওৰে জীৱন কেনি আগুৱালোঁ




কি বিচাৰি ওৰে জীৱন কেনি আগুৱালোঁ

বহু সুদৰ মোহত পৰি মূলও হেৰুৱালোঁ 



যাবৰ পৰত হাঁহি হাঁহি এন্ধাৰলৈ গলো

অতি লোভত পৰি আজি পাপত বন্দী হলো

মানুহকে মানুহ বেচি বেহা পাতিছিলোঁ

আনৰ সুখক কাঢ়ি আনি ৰং চাইছিলোঁ

যি বোকাৰে পদুমতে কলঙ্ক সানিলোঁ

ধুই পখালি সাৱটিবি তোকেই সঁপি দিলোঁ



আনে সঁপি দিয়াজন যেন পদুমৰে কলি

কলঙ্কিতা নাৰী হলেও ললোঁ ভনী বুলি

বোকাৰ পৰা পদুমকে মূৰত ললোঁ তুলি

পণ কৰিলোঁ ওৰে জীৱন ৰক্ষা কৰিম বুলি

ভোগৰ সমল নহৱ তই কামুক সৱৰ বলি

নিৰ্ভয়ে মই আগচিম জীৱন গলেও জ্বলি




(ইউনিকডীয় ৰূপান্তৰ-মালিনী গোস্বামী)

No comments: