অনুসন্ধান আকাংক্ষাত

Saturday, September 8, 2012

নব নব বহাগ আহে







নব নব বহাগ আহে

সৰু ফুলে মিচিকি হাঁহে      

মনে তোমাক ধিয়ায়



নব নব মোৰ ৰচনাকে

শুনোতাই গুনগুনাই

মনে তোমাক ধিয়ায়




স্বপ্ন হৈ ৰচনাত

মেদিনীৰ হাঁহি বঢ়ালো

তুমিয়েই মোৰ আপোন বৰ

সৰগৰ সূৰ সজালোঁ



নব নব মিলন নিশাৰ

সৰু তৰা জকেমকায়

মনে তোমাক ধিয়ায়




ই যে ভাগ্য সু-আৱাহনী

শতবাৰ মানি ললো

অভিজ্ঞতা উপচি পৰে

জলধিত মানসৰো

লেখি লহৰ যে ধুনীয়া

হিয়া যে ৰূপতে নাচে

মনে তোমাক ধিয়ায়




মুমূৰ্ষ ৰিক্ত গানে

কত নীৰব্ৱ ভবায়

সেই দিন যে পাৰ হৈ যায়

যি সময় নাহে দুনাই

দেখে মিলন বাসনা

অপৰূপ ৰূপ পিয়াসে

মনে তোমাক ধিয়ায়




(কণ্ঠ:- ইলা বোস)
(ইউনিক'ডীয় ৰূপান্তৰ  দীপা  ডেকা)

No comments: