ৰাইজৰ এইগাল লোক
হল কাৰোবাৰ ঢোপ
ধেমালি চাই যা ধেমালী চা
যেন লেতেকুৰে থোক
ধেমালি চাই যা ধেমালী চা
দুজন এজনে কলঘৰ সাজিছে
থানে থানে কাপোৰ ওলায়
এ’ উৰনীয়া জাহাজত চিলিক আহিছে
আমাৰ বিহুৰ কাপোৰ নাই
বিহুৰ কাপোৰ নাই বুলি বন্গীত নেগাবি
এ’ ধুতি পিন্ধা চেহাবে এনুৱা গীত গালে
পিঙতহে তুলিবগৈ
সঁচা কোৱা বৰ বেয়া ৰোগ
দঢ়াই নকৈছিলো তোক ?
এ’ ধেমালি চাই যা ধেমালী চা
এ’ কোনোবা সমূদ্ৰত বোমা ফুটুৱালে
কৰবাত পৰিলে ছাই
এ’ এগণ্ডা বোমাৰে পৃথিবী পুৰিব
এ’ কৰবাৰ ৰণ বলিয়াই
উদযান বোমাৰে গুণগাণ ঐ বখানি
নকবি এনেকৈ মোক
ৰণ হলে গাম কি
মৰিব দেশৰহে লোক
যেন লেতেকুৰে থোক
দলদোপ দলদোপ হেন্দোলদোপ
ধেমালি চাই যা ধেমালী চা
শান্তিৰে নিজৰা নিজৰি নবলে
আমি হম বৰশীৰ টোপ
অতিকৈনো চেনেহৰ বহাগৰে বিহুটিও
ঢোলটিও যে পাবগৈ লোপ
কাঢ়ি নিয়া মাটিখিনি, হাতৰ খাৰু মণি
ৰাইজে পালেহে গুচিব পিয়াহ ভোক
বিহুতলী যেতিয়া ৰজনজনাব
নাচিব দেশৰ হে লোক
বোলো দেখিবি ন ন ৰূপ
বোৱতী সূতিটিক অ’ আইতা
ভেটিব যে নোৱাৰি অ’ আইতা
ভেটা ভাঙে ঘনে ঘনে
বিদ্ৰোহী ৰাইজক অ’ আইতা
কঢ়িয়াই লৈ যোৱা অ’ আইতা
সময়ক ভেটিব কোনে ?
(ইউনিক'ডীয় ৰূপান্তৰ → দীপা ডেকা)
No comments:
Post a Comment