অনুসন্ধান আকাংক্ষাত

Monday, September 10, 2012

মোৰ গাটো দেখোন





মোৰ গাটো দেখোন

মাকন সতখন আঠখন

ৰঙালী বিহুতে

হে ৰঙা ৰঙা মন

ত‍ই দেখো গাভৰু হলি মাকন


.....


মোৰ গাটো দেখোন

মাকন সতখন আঠখন

ৰঙালী বিহুতে

হে ৰঙা ৰঙা মন

ত‍ই দেখো গাভৰু হলি মাকন


.....


কালি দেখিছিলো অ মাকন

ভৰলীৰে পাৰত

লহপহ দেহাৰে

মাকন প্ৰতিটো ভাজত

হে গা ধুই গা ধুই

মাকন হাঁহিলি মাজতে

মাকন দুয়ো লগ হলো

ভৰলীৰ মাজত

কি সেই সোণালী ক্ষণ

ত‍ই দেখো গাভৰু হলি মাকন

ত‍ই দেখো গাভৰু হলি মাকন


......


বানপানী আহিলে অ মাকন

সোপা‍ই উটি গলে অ মাকন

হে শিবিৰত ভিখাৰী হলো মাকন

শপত খায়ে ললো অ মাকন

হে নৈখন বান্ধিমে অ মাকন

সমাজখন গঢ়িমেই অ মাকন

ধান ৰুম বানটো অহাৰ আগতে

হাঁহিব পথাৰখন

ত‍ই দেখো গাভৰু হলি মাকন

ত‍ই দেখো গাভৰু হলি মাকন


.....


অহাবাৰ বিহুতে অ মাকন

তোকে বিয়া কৰাম অ মাকন

সমাজৰ বাধাকে অ মাকন

এহাতে থেলি যাম অ মকন



বিয়াখন পাতি লৈ

বিয়াখন পাতি লৈ

হাল-কোৰ বাম

শ‍ইচ গোটাই লৈ ভৰাল ভৰাম

জিলিকী উথিব ঘৰখন

ত‍ই দেখো গাভৰু হলি মাকন

ত‍ই দেখো গাভৰু হলি মাকন

.....

মোৰ গাটো দেখোন

মাকন সতখন আঠখন

ৰঙালী বিহুতে

হে ৰঙা ৰঙা মন

ত‍ই দেখো গাভৰু হলি মাকন

ত‍ই দেখো গাভৰু হলি মাকন

ত‍ই দেখো গাভৰু হলি মাকন

মোৰ গাটো দেখোন

মাকন সতখন আঠখন




(ইউনিক'ডীয় ৰূপান্তৰ  দীপা  ডেকা)

No comments: