অনুসন্ধান আকাংক্ষাত

Tuesday, September 11, 2012

সখী কোৱা এটিবাৰ কোৱা






সখী কোৱা এটি বাৰ কোৱা,       

মৰম থাকেনে দেহত ?

মৰম থাকেনে মনত ?

জীৱন জুৰা নুবুজা সাঁথৰ;

কোৱাচোন মোৰেই আগত,

মৰম থাকেনে মনত ?

সখী কোৱা এটি বাৰ কোৱা |



মৰম মানে গোপন গোপন

মিঠা শিহৰণ,

মিঠা মিঠা শিহৰণ |

মৰম মানে আকুলতা,

অনুপম আয়োজন                   

হয়নে বুকুৰ মাজত ?



সখী কোৱা এটি বাৰ কোৱা,

মৰম থাকেনে দেহত ?

মৰম থাকেনে মনত ?
                                                               
জীৱন জুৰা নুবুজা সাঁথৰ;

কোৱাচোন মোৰেই আগত,

মৰম থাকেনে মনত ?

সখী কোৱা এটি বাৰ কোৱা |



মৰমৰ নাম শেৱালী সুবাস,

মৰমৰে নাম আকাশ |

মৰম বিহনে জীৱন মৰুভূ,

মৰম বিহনে জীৱন মৰুভূ,

মৰমৰে নাম সুবাস |

মৰম মানে কন্ঠ মধুৰ,

মৰম মানে কন্ঠ মধুৰ,

আছেনে তোমাৰ মাতত ?

নোকোৱা কিয়নো লাজত ?

মৰম থাকেনে মনত ?
                  


সখী কোৱা এটি বাৰ কোৱা,

মৰম থাকেনে দেহত ?

মৰম থাকেনে মনত ?

জীৱন জুৰা নুবুজা সাঁথৰ;

কোৱাচোন মোৰেই আগত,

মৰম থাকেনে মনত ?

সখী কোৱা এটি বাৰ কোৱা |

সখী কোৱা এটি বাৰ কোৱা ||



কথা: ড০ নিৰ্মল প্ৰভা বৰদলৈ 
সুৰ: মুকুল বৰুৱা
শ্ৰাব্য এলবাম: মোৰ গীত 
(মিউজিক মেকাৰ্চ, ফাঁচি বজাৰ, গুৱাহাটী)
(ইউনিক'ডীয় ৰূপান্তৰ -(প্ৰাঞ্জল বড়া)


No comments: