অনুসন্ধান আকাংক্ষাত

Friday, September 7, 2012

তোমাৰ দেখোঁ নাম পত্রলেখা





তোমাৰ হেনো নাম পত্ৰলেখা, পত্ৰ তুমি নিলিখা হলা

হয়তো মোৰ পুৰণা ঠিকনা তোমাৰ মনত নাই

হয়তো তুমি তোমাৰ মৰমবোৰ থৈছা সাঁচি কাৰোবালৈ গুপুতে গুপুতে

তাত মোৰ ভাগেই নাই

কিম্বা মোৰ পুৰণা ঠিকনা তোমাৰ মনত নাই



বহু ঋতু পাৰ হৈ গল, মোৰো মনৰ পত্ৰ বহু লিখা যেন নহল

মোৰ ক্ষমাও যে নাই

হয়তো সেয়ে তোমাৰ অভিমানৰ পৰিধিও নাই



মোৰ চিত্ৰনাট, গীত, কবিতাত বিচাৰিলে পাবা চাগৈ পুৰণা ঠিকনা

তুমি বিচৰাহে নাই

কিম্বা তোমাৰ ঠিকনা বিচৰাৰ অৱকাশ নাই



পত্ৰলেখা আজি যদি মোৰ ঠিকনা সোধা

সমিধানত মৌনতাহে পাবা

কাৰণ মই এক জিৰণিবিহীন বেদুইন হল জীৱন চাহাৰাত

ঠিকনা মোৰ নাই

তোমাৰ হেনো নাম পত্ৰলেখা, পত্ৰ তুমি নিলিখা হলা

হয়তো মোৰ পুৰণা ঠিকনা তোমাৰ মনত নাই




(ইউনিক'ডীয় ৰূপান্তৰ - অৰুন্ধতী তালুকদাৰ)

No comments: