অনুসন্ধান আকাংক্ষাত

Tuesday, September 11, 2012

সেন্দুৰ সেন্দুৰ প্রভাতী সূৰুজ





সেন্দুৰ সেন্দুৰ প্রভাতী সূৰুজ

মোৰ গালে মুখে পৰিছে

পাহৰণিৰ কুঁৱলী ফালি

সোঁৱৰণী যেন আহিছে ।



মনত পৰিছে যেন অন্ত বেলিৰ

বিদায় সনা চাৱনি

লগে লগে যেন দেখিছোঁ পুনৰ

লৱণু কোমল মুখনি ।



মন পথাৰৰ সেউজ সইচত

মলয়াৰ মৃদু নাচোন,

মনত পৰিছে যেন দেকা গাভৰুৰ

চেনেহী সাজোন কাচোন ।



মৰমী গাঁৱৰ সোনালী ৰ

শাওনৰ কজলা মেঘ

ৰিমঝিম বৰষাও পৰিছে মনত

শৰালিৰ নাই লেখ ।



এইয়া মাথো মোৰ গাঁও নহয়,

এইয়া মোৰ মৰমী আই

ঘৰমূখী পখী আহিছোঁ উভতি

পাবলৈ কোলাতে ঠাই ।।




(ইউনিক'ডীয় ৰূপান্তৰ -স্যামন্ত কুমাৰ গোস্বামী)

No comments: