পলাশৰে ৰং
পলাশৰে ৰং কোনেনো সানিলে
এই মিঠা সেউজ বননিত
আৰু তোমাৰ কোমল চাৱনিত
জীৱনৰে ৰং
জীৱনৰে ৰং পলাশে সানিলে
কোমল কোমল ঘাঁহনিত
আৰু তোমাৰ বুকুখনিত
যৌৱনৰে এই বলিয়া বানত
তুমিয়ে ময়ো সাঁতোৰো আহা
মৰমৰে এই এনাজৰীৰে
দুয়ো দুয়োকো বান্ধো আহা
বান্ধ ভাগি গ’লে হেৰাব শৰৎ
ধুমুহা আহিব ধৰণীত
মনে ভবা কথাটি নেথাকে গুপুত
আৰু কথা থাকিল বহুত
নোকোৱা কথাষাৰি নোকোৱাকে থাকিলেও
ধৰা পৰে তোমাৰ চকুত
নীলা আকাশত আজি আউজি লৈ
হালিছে জালিছে পলাশৰে ফুল
ফুলতো নহয় সেয়া মৰমৰে জুই
নেমানে
মৰমে কোনো জাতিকুল
কৰিব এদিন পৰাজিত
(ইউনিক'ডীয় ৰূপান্তৰ → মালিনী গোস্বামী)
No comments:
Post a Comment