মই যেন আজীৱন উৰণীয়া মৌ
জিৰাবৰ নাই তৰু তৃণ,
জিৰণীয়া মৌ দেখি ভাবোঁ একোদিন
মই কিয় ঠিকনাবিহীন।
ঠিকনাবিহীন..
কত ৰস চুহিলোঁ অভিজাত কুসুমৰ
বনফুলে যাচিলে ভঁৰাল ৰসৰ,
তিতা ৰসো গোটালোঁ মিঠা বুলি
তোমাৰ ৰূপৰ ৰস তুলনাবিহীন,
তুলনাবিহীন..
মই বাৰু উৰণীয়া মৌৱেই হ'লোঁ
মোৰ জানো জিৰাবৰ নাই অধিকাৰ,
জিৰণি লওঁ যদি তোমাৰ তৃণত
নেজানোঁ ক্ষতি কি হয় কাৰোবাৰ।
এদিন কৈছিলা মোৰ হ'বা শেষ ঠিকনা
সঁচা নকৰিলা সেই কল্পনা,
সঞ্চিত মৌ ধৰাত ছটিয়াই
উৰি উৰি হৈ যাম জ্যোতিতে বিলীন,
জ্যোতিতে বিলীন।
মই যেন আজীৱন উৰণীয়া মৌ..
(ইউনিক'ডীয় ৰূপান্তৰ → গীতাৰ্থ বৰদলৈ)
No comments:
Post a Comment