অনুসন্ধান আকাংক্ষাত

Tuesday, September 11, 2012

সুন্দৰী চাওঁ কিনো কল্পনা






ডেকা:         সুন্দৰী চাওঁ কিনো কল্পনা

সুন্দৰী আঁকা কিনো কল্পনা

ম‍ই কল্পনা-জল্পনা আল্পনা-চাল্পনা

যিহকে আঁকো মোৰ পৰিকল্পনা    

কিয় কম কোৱানা



(কথা:)
ডেকা :        মোকনো নাআঁকা কিয় ? মোৰ ৰূপ জানো
দ্বাৰকাৰ অনিৰুদ্ধ যেন নহয় বাৰু



(গীত:)
গাভৰু :      দাপোনত মুখ চাই আহিলেই ভাল

আৰু চিত্ৰলেখা ম‍ইও নহও কাৰো

শুনিছানে নাই কোৱানা

বুজিছানে নাই কোৱানা




ডেকা :        বাৰু চিত্ৰলেখা তুমি নোহোৱা কাৰো

ঊষাও কাৰো নোহোৱা বাৰু

পিচে ঢুকি পাব নোৱাৰা বিধৰ ম‍ই

আকাশৰ মিঠা মিঠা চন্দ্ৰমা

যদি চন্দ্ৰমা তুমি হোৱা ম‍ইও সূৰ্য্য

আকিম চন্দ্ৰমাতে মৰমী চুমা




গাভৰু :      সূৰুজ বদন কিয় ইমান প্ৰতাপ

সহিম কেনেকৈ বাৰু মিঠা উত্তাপ

খহনীয়া নৈ চঙেলীয়া পানী

বৌ মোৰ উটায় পৰাণ

তোমাৰেই নৈতে কৰো শতবাৰ

সুশীতল মুক্তিৰ স্নান




ডেকা :        মোৰ মন গহনলৈ তুমি আমন্ত্ৰিত

সেই আবেশত মোৰ বুকু স্পন্দিত

দেহ মন মোৰ হল আল্পনা

কোনেনো তুলিকা বুলায় ?

তোমাৰ আল্পনা নিমজ স্নিগ্ধ

কামদেব পিছলি যায়

সাবটো কেনেকে বাৰু তুমি কোৱাঁনা

হাঃ হাঃ হাঃ হাঃ



(জয়ন্ত হাজৰিকা আৰু নিৰ্মলা মিশ্ৰৰ দ্বৈত কণ্ঠত)
(ইউনিক'ডীয় ৰূপান্তৰ -দীপা  ডেকা)

No comments: