সুউচ্চ পাহাৰৰ
সুউচ্চ পাহাৰৰ
শৃঙ্গলে উঠা মই
এক প্ৰেমিক অশ্বাৰোহী...
দূৰন্ত অশ্বৰ পদধ্বনিত
উন্মাদ হোৱা এক চিৰবিদ্ৰোহী
...
টিক্ টিক্ টিক্ টিক্
সপোনৰ ছন্দত
ঠিক ঠিক্ ঠিক ঠিক
সময়তে ছন্দত
ধপ্ ধপ্ ছন্দত বাজে কলিজাৰ
ধপ্ ধপ্ শব্দত বাজে কলিজাৰ
প্ৰেমৰ ছন্দ মোৰ প্ৰতি
ধমনীতে
দুৰ্বাৰ ছন্দ আছে কামনাৰ...
.....
সৌ...ৱা....
পাহাৰ শৃঙ্গত
আছে হেনো এক
নেদেখা.. মোহময়ী কামিনী...
অপৰূপা... যৌৱনা...
সুনবীনা তাই...
নতুন ছন্দত,
অধিকাৰিণী.. !
....
কথা :
ছন্দৰ ৰাণী তাই ইমান কাষতে
অথচ তাই হেনো ইমান দূৰৰ
মাজতে হেঙাৰ হৈ অট্টহাস কৰে
ছন্দহীনতাৰ গভীৰ গৰ্ভত !
গীত :
তথাপি হাত মেলি ! মেলি !
তাই মাতে...
দেহৰ ছন্দত যেন..
সাগৰ... লহৰ
সাগৰৰে লহৰ...
...
তাই হেনো কৰিছে
ছন্দৰ ধুমুহাত
ধাৱমান পুৰুষৰ সন্ধান
ধাৱমান পুৰুষৰ সন্ধান !
যি বিশ্বৰ ছন্দে ছন্দে নাচি
বিলাই ছন্দ মহা প্ৰাণ
.....
মহাকাশভৰা নক্ষত্ৰ গতিত
অনন্ত ছন্দৰ বাজে নাগাৰা
(এ) মহাকাশভৰা নক্ষত্ৰ গতিত
অনন্ত ছন্দৰ বাজে নাগাৰা
অ’ মন অশ্বৰে সেইয়া ঘটাঘট্ শব্দৰ
ছন্দেৰে কৰো ছন্দৰে আখৰা
কথা :
ছন্দৰ আখৰা কৰো !!
[ভূপেন হাজৰিকাৰ কণ্ঠেৰে নিগৰিত গীত;
গুৱাহাটী, ১৯৬৯]
[ইউনিক'ডীয় ৰূপান্তৰ -দীপা ডেকা]
+++
ওপৰৰ গীতটো দীপা ডেকাই
শুনি লিখা, মূল গীতটি ড° দিলিপ দত্তৰ ‘ভূপেন
হাজৰিকাৰ গীত আৰু জীৱন ৰথ’ৰপৰা তলত তুলি দিয়া হ’ল →
সুউচ্চ পাহাৰৰ
শৃঙ্গলে উঠা মই
(এক) প্ৰেমিক অশ্বাৰোহী
দূৰন্ত অশ্বৰ পদধ্বনিত
উন্মাদ হোৱা
এক চিৰবিদ্ৰোহী-
টিক্ টিক্ টিক্ টিক্ সময়ৰ ছন্দত
ধপ্ ধপ্ ছন্দত বাজে কলিজাৰ
প্ৰেমৰ ছন্দ মোৰ প্ৰতি ধমনীতে
দুৰ্ব্বৰ ছন্দ আছে কামনাৰ
সৌৱা পাহাৰ শৃঙ্গ
আছে হেনো এক
নেদেখা মোহময়ীকামিনী
অপৰূপা যৌৱনা
সুনবীনা তাই
নতুন ছন্দৰ অধিকাৰিণী
ছন্দৰ ৰাণী তাই ইমান কাষতে
অথচ তাই হেনো ইমান দূৰৰ মাজতে
হেঙাৰ হৈ অট্টহাস কৰে
ছন্দহীনতাৰ গভীৰ গৰ্ভত
তথাপি হাত মেলি মেলি তাই
মাতে
দেহৰ ছন্দত যেন সাগৰ লহৰ
সাগৰৰে লহৰ
তাই হেনো কৰিছে ছন্দৰ ধুমুহাত
ধাৱমান পুৰুষৰ সন্ধান
যি বিশ্বৰ ছন্দে ছন্দে নাচি
বিলায় ছন্দ মহাপ্ৰাণ
মহাকাশ ভৰা নক্ষত্ৰ গতিত
অনন্ত ছন্দৰ বাজে নাগৰা
মন অশ্বৰ
সেইয়া ঘটাঘট্ শব্দৰ
ছন্দৰ কৰোঁ আখৰা
(ছন্দৰ আখৰা কৰো)
[গুৱাহাটী, ১৯৬৯]
[ইউনিক'ডীয় ৰূপান্তৰ : দিগন্ত শইকীয়া]
+++
No comments:
Post a Comment