অনুসন্ধান আকাংক্ষাত

Tuesday, September 11, 2012

হু হু ধুমুহা আহিলেও






হু হু ধুমুহা আহিলেও, আকাশ কলা মেঘে ছানিলেও            

ৰিমঝিম বৰষুণ পৰিলেও, তুমি যেন থাকা মোৰ কাষতে            

হু হু ধুমুহা আহিলেও, আকাশ কলা মেঘে ছানিলেও

ৰিমঝিম বৰষুণ পৰিলেও, তুমি যেন থাকা মোৰ কাষতে

হু হু ধুমুহা আহিলেও
                         


জীয়নৰ প্ৰথম তৰীত প্ৰথম যাত্ৰী হৈ বহিলা         

জীয়নৰ প্ৰথম তৰীত প্ৰথম যাত্ৰী হৈ বহিলা,

বুকুৰ তপত উম যাচি ভয়াবহ চাকনৈয়া দেখিলেও,

তুমি যেন থাকা মোৰ কাষতে               

হু হু ধুমুহা আহিলেও



শৈশৱ পাৰ হল কিশোৰ হলো, কৈশোৰ পাৰ হল যুৱক হলো

যৌৱন যোৱাৰত নাও মেলি, আশাৰ পালৰূপে তোমাকে পালো

শৈশৱ পাৰ হল কিশোৰ হলো, কৈশোৰ পাৰ হল যুৱক হলো

যৌৱন যোৱাৰত নাও মেলি, আশাৰ পালৰূপে তোমাকে পালো
                           


আঁচনিৰ সাগৰতে সাহসৰ স্ৱাক্ষৰ কৰিলা,

আঁচনিৰ সাগৰতে সাহসৰ স্ৱাক্ষৰ কৰিলা,

নিৰাশাৰ চকুপানী মচি দুখসহ বেদনাত ভুগিলেও,

তুমি যেন থাকা মোৰ কাষতে                                                                                   

হু হু ধুমুহা আহিলেও



হু হু ধুমুহা আহিলেও, আকাশ কলা মেঘে ছানিলেও         

ৰিমঝিম বৰষুণ পৰিলেও, তুমি যেন থাকা মোৰ কাষতে

হু হু ধুমুহ আহিলেও, আকাশ কলা মেঘে ছানিলেও

ৰিমঝিম বৰষুণ পৰিলেও, তুমি যেন থাকা মোৰ কাষতে

হু হু ধুমুহা আহিলে




(ইউনিক'ডীয় ৰূপান্তৰ  অৰুন্ধতী তালুকদাৰ)

No comments: