অনুসন্ধান আকাংক্ষাত

Monday, September 10, 2012

মইনাজান মইনাজান





মইনাজান মইনাজান লুইত পাৰে হলোঁ

মইনাজান মইনাজান দিক্ৰং পাৰে হলোঁ

মইনাজান মইনাজান জিৰালোঁ ঐ নাওবৈচাত। 



মইনাজান মইনাজান চাকৰি ঐ বিচাৰি

মইনাজান মইনাজান এৰোঁ ঘৰ-বাৰী

মইনাজান মইনাজান নেথোকোঁ ঐ লখিমীপুৰত 



মইনাজান মইনাজান তেজপুৰৰ বৰালী

মইনাজান মইনাজান লালুকৰে কান্ধুলী

মইনাজান মইনাজান কেনেকৈনো মিহলি হ'



মইনাজান মইনাজান তুমিনো নেঘেৰিয়াল

মইনাজান মইনাজান আমি যোৰহটীয়া

মইনাজান মইনাজান কেনেকৈনো চিনাকি হ'?



মইনাজান মইনাজান গুৱাহাটী ঘূৰিলোঁ

মইনাজান মইনাজান দুলীয়াজান ফুৰিলোঁ

মইনাজান মইনাজান ডিগবৈতো চাকৰি নাই



মইনাজান মইনাজান তেল গেছ কোম্পানী

মইনাজান মইনাজান ৰেলৰে কোম্পানী

মইনাজান মইনাজান তাতো চোন মিঠা মাত নাই।



মইনাজান মইনাজান তি-তি-তি ঐ তিয়নী

মইনাজান মইনাজান দেহাৰে ঐ শুৱনী

মইনাজান মইনাজান তোমাৰ মান শুৱনী নাই।



মইনাজান মইনাজান শৰীৰ ভালে ৰাখিবা

মইনাজান মইনাজান মনৰ বেথা নেৰিবা

মইনাজান মইনাজান চাকৰি পাই নোভতো মানে



মইনাজান মইনাজান নগৰ বাট গছকি

মইনাজান মইনাজান কত দেখো ৰচকী

মইনাজান মইনাজান তোমাৰ মান ৰাংঢালী নাই।




(ইউনিক'ডীয় ৰূপান্তৰ  উদ্দীপ তালুকদাৰ)

No comments: