অনুসন্ধান আকাংক্ষাত

Tuesday, September 11, 2012

সাগৰ সংগমত কতনা সাঁতুৰিলোঁ







সাগৰ সংগমত কতনা সাঁতুৰিলোঁ

তথাপিতো হোৱা নাই ক্লান্ত

তথাপি মনৰ মোৰ প্রশান্ত সাগৰৰ 

ঊর্মিমালা অশান্ত



মনৰ প্রশান্ত সাগৰৰ বক্ষ         

জোঁৱাৰৰ নাই আজি অন্ত

অজস্র লহৰে নৱ নৱ গতিৰে

আনি দিয়ে আশাই অফুৰন্ত



প্রশান্ত পাৰৰে মহা মহা জীৱনৰ

শান্তি আজি আক্রান্ত

নৱ নৱ সৃষ্টিৰ দৈত্য-দানৱে কৰে

নিষ্ঠুৰ আঘাত অবিশ্রান্ত

সেয়েহে মনৰ মোৰ প্রশান্ত সাগৰৰ

ঊর্মিমালা অশান্ত



ধ্বংসৰ আঘাতক দিছে আজি সংঘাত

সৃষ্টিৰ সেনানী অনন্ত

সংঘাতে আনে মোৰ প্রশান্ত সাগৰত

প্রগতিৰ নতুন দিগন্ত

সেয়েহে মনৰ মোৰ প্রশান্ত সাগৰৰ 

ঊর্মিমালাই অশান্ত



গভীৰ প্রশান্ত সাগৰৰ শক্তিয়ে

ধ্বংসক কৰে দিক্-ভ্রাণ্ট

অগণন মানৱৰ শান্তিৰ সমদল

সৃষ্টিকামী দিগন্ত

সেয়েহে মনৰ মোৰ প্রশান্ত সাগৰৰ 

ঊর্মিমালাই অশান্ত




(ইউনিক'ডীয় ৰূপান্তৰ -মিতালী বৰ্মন )

No comments: