অনুসন্ধান আকাংক্ষাত

Tuesday, September 11, 2012

লুইততে মোৰ ঘৰ




লুইততে মোৰ ঘৰ

লুইতেই মোৰ পৰ

লুইতেই যে ভাঙে গঢ়ে             

সপোন মৰমৰ



আশাৰ বালিচৰত এদিন

তুমি হ,লা মোৰ

একনি নাৱতে দুয়ো

হৈছিলো বিভোৰ

আজি কিয় গুচি গলা

কিয় নিৰুত্তৰ ?




ইকুল সিকুল বিচাৰি ম‍ই

মাজ নদীতে ৰলো

চকোৱা বিহীন চাকৈৰ দৰে

মাজ নিশা বিনালো

যোৱাটো বানপানীতে ম‍ই

তোমাক হেৰুৱালো

ইকুল-সিকুল বিচাৰি মোৰ

লাগিলে ভাগৰ

লুইতেই মোৰ ঘৰ



মৰণ কালসৰ্পই আহি দংশিলে তোমাক

বেউলাৰ গুন নাই যে, ভুলাম দেবতাক

সিপুৰীত যেন পাও তোমাৰ পৰশ চৰণৰ

লুইতে যে ভাঙে গঢ়ে সপোন মৰমৰ




(ইউনিক'ডীয় ৰূপান্তৰ   দীপা  ডেকা)

No comments: