অনুসন্ধান আকাংক্ষাত

Friday, September 7, 2012

নতুন নাগিনি তুমি





নতুন নাগিনি তুমি, কাল নাগিনি

তোমাক ভুলাবলৈ কিমাননো পৰ

নীলা গৰল পিয়া মই নীলকন্ঠ 

সত্য, সিদ্ধ মই যাদুকৰ |




সুৰুজৰ স্পৰ্শই ঢুকিকে নোপোৱা      

শতাব্দীৰ এন্ধাৰে কলিজা কঁপোৱা

অৰণ্য ভাঙিলোঁ, কত গোহা দেখিলো

কত দেশ বিদেশৰ শৰ্পিনি বশিলো  

তোমাক ভুলাবলৈ কিমাননো পৰ

নীলা গৰল পিয়া মই নীলকন্ঠ 

অলিয়া, বলিয়া মই যাদুকৰ |




তুমি নাহিবা, তুমি নাহিবা,

মোৰ আশে পাশে তুমি নাহিবা 

মোৰ সুৰৰ মন্ত্ৰ আছে নাহিবা 

মোৰ বশীকৰণ আছে নাহিবা 

মোৰ অহ্ঙ্কাৰো আছে নাহিবা

মোৰ প্ৰ্খৰ দৃষ্টি আছে নাহিবা

তুমি নাহিবা, তুমি নাহিবা

তুমি আহিলা |





স্ব্প্ন প্ৰাপ্ত মই, মন্ত্ৰ মাৰিলোঁ

বিষাক্ত মৃত্যুৰ মই বিহ কোষ কাঢ়িলো

মৃত্যু বিজয়ী মই তোমাকে বশিলো 

মৃত্যু বিজয়ী মই তোমাকে বশিলো 

আজি তোমাৰ অলঙ্কাৰ ডিঙিত পিন্ধিলোঁ

তোমাক ভুলাবলৈ কিমাননো পৰ

নীলা গৰল পিয়া মই নীলকন্ঠ 

অলিয়া, বলিয়া মই যাদুকৰ |


(ইউনিক'ডীয় ৰূপান্তৰ  দীপাংকৰ চেতিয়া)

No comments: