মোৰ মন যায়
বুদ্ধিজীৱীৰ মিছা
ভেমৰ ভুৱা সাজ খুলি পেলোৱাৰ
মোৰ মন যায়
সঙ্কোচ এৰি আজি
বাটৰ বনুৱাৰ জীৱন লোৱাৰ ।।
দাৱনীজনীৰ যেন
কাঁচিখন হওঁ
মন যায় খেতিয়কৰ যেন নাঙল হওঁ
মন যায় কান্ধতে যেন বিৰিয়া লওঁ
আৰু মন যায়
দূৰণিৰ গাঁৱৰে এখনি হাটতে
কেৰুমণি বেচা জন নিজেই হোৱাৰ ।।
বৰ মন যায় ।।
মোৰ মন যায়
লহপহ বাগিছাৰ
এটি কলি দুটি পাত
নিজেই ছিঙাৰ ।।
মোৰও মন যায়
তপ্ত পথতো মই
জীৱন ৰিক্সাখন নিজেই টনাৰ ।।
মোৰও মন যায়
সুপ্ত নিশা খেদি
জাগ্ৰত আজি এক সূৰ্য হোৱাৰ
মোৰ মন যায়
আন্ধাৰ আঁতৰাই
জাগ্ৰত আজি এক সূৰ্য হোৱাৰ
মোৰ মন যায়
নি:স্ব দিশাহীন
বৰ মন যায় ।।
(কথা : নিৰ্মলপ্ৰভা বৰদলৈ
সুৰ : মুকুল বৰুৱা
শিল্পী : ভূপেন হাজৰিকা )
(ইউনিক'ডীয় ৰূপান্তৰ → মালিনী গোস্বামী)
No comments:
Post a Comment