অনুসন্ধান আকাংক্ষাত

Tuesday, September 11, 2012

লুইতপৰীয়া ডেকা বন্ধু, তোমাৰ তুলনা নাই





লুইতৰ পাৰৰ ডেকা বন্ধু

তোমাৰ তুলনা না‍ই

....

লুইত পৰীয়া ডেকা বন্ধু

তোমাৰ তুলনা না‍ই

জীয়াই থকাৰ যুজঁঅত নামিছা

মৃত্যু শপত খা‍ই

.....

পূৰণি পুৰুষে হাত সাৱতি

বহুতোহ হেৰুৱালে

উদাৰতাক শতৰুৱে

দূৰ্বলতা ললে

আজি বজ্ৰৰ দৰে গৰ্জন কৰি

শতৰুক ওফৰায়

জীয়াই থকাৰ যুজঁত নামিছা

মৃত্যু শপত খাই

.......

তোমাৰ পবিত্ৰ সাহত কলংক

সানোতা যিসব আছে

চোৱা এটি এটি কৈ

লাজতে সিহঁতে

নিজৰ সমাধি ৰছে

লুইতে আজি ফেনে ফোটোকাৰে

তীব্ৰ বেগেৰ বলে

তোমাৰ সাহৰ জোৱাৰ দেখি

নতশিৰে প্ৰণামিলে

পৃথিৱীয়ে আজি তোমাৰ পিনে

ডিঙি মেলি চায়

জীয়াই থকাৰ যুজঁঅত নামিছা

মৃত্যু শপত খা‍ই




(ইউনিক'ডীয় ৰূপান্তৰ  দীপা  ডেকা)

No comments: