অনুসন্ধান আকাংক্ষাত

Monday, September 10, 2012

মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম






মই যেতিয়া এই জীৱনৰ

মায়া এৰি গুচি যাম,



আশাকৰোঁ মোৰ চিতাৰ কাষত

তোমাৰ সহাৰি পাম



নালাগে মোক সোঁৱৰণি  সভা

নালাগে মিচা নাম

তোমাৰ এটুপি চকুলো পালেই

মই পাম মোৰ দাম


মই যেতিয়া এই জীৱনৰ

মায়া এৰি গুচি যাম,



সমুহৰ বাবে গান গাই গাই

তোমাক পাহৰি গলোঁ

সেয়েহে হবলা ভৰ জীৱনতে

তোমাকো হেৰুৱালোঁ




এই ক্ষোভে মোক দহিচে আজিও

শান্তি কতেনো পাম

তোমাৰ এটুপি চকুলো পালেই

মই পাম মোৰ দাম

মই যেতিয়া এই জীৱনৰ

মায়া এৰি গুচি যাম,



মোৰ জীৱনৰ সংগ্ৰামখিনি

মই ফঁহিয়াই  চালে পাম  

তুমি নিদিয়া মৰমখিনিতে

আছিল সৰগী ধাম

এই সৰগী ধামখনি মই

তোমাৰ বুকুতে পাম

তোমাৰ এটুপি চকুলো পালেই

মই পাম মোৰ দাম

মই যেতিয়া এই জীৱনৰ

মায়া এৰি গুচি যাম




(ইউনিক'ডীয় ৰূপান্তৰ  মৌচুমী ভূঞা চৌধুৰী)

No comments: