অনুসন্ধান আকাংক্ষাত

Monday, September 10, 2012

মোৰ না‍ই একোৱেই না‍ই





মোৰ না‍ই একোৱেই না‍ই

দিবলে আনক প্ৰেৰণা

সকলো যেন মোৰ শেষ হৈ গ'ল

অতীত দিগন্তৰ অচিন বুকুতে

মোৰ না‍ই একোৱেই না‍ই

দিবলে আনক প্ৰেৰণা

মোৰ না‍ই একোৱেই না‍ই

দিবলে আনক প্ৰেৰণা

সকলো যেন মোৰ শেষ হৈ গ'ল

সকলো যেন মোৰ শেষ হৈ গ'ল

অতীত দিগন্তৰ অচিন বুকুতে

আজি না‍ই একোৱেই না‍ই

দিবলে আনক প্ৰেৰণা


.....


বিচাৰিছো চৌদিশে       

মোৰ প্ৰাণে বিচৰা

বিচাৰিছো চৌদিশে

মোৰ প্ৰাণে বিচৰা         

সকলো পোৱাৰ প্ৰতি

শূন্য সজাবলে

মোৰ না‍ই একোৱেই না‍ই

দিবলে আনক প্ৰেৰণা

সকলো যেন মোৰ শেষ হৈ গ'ল

সকলো যেন মোৰ শেষ হৈ গ'ল

অতীত দিগন্তৰ অচিন বুকুতে

মোৰ না‍ই একোৱেই না‍ই

দিবলে আনক প্ৰেৰণা


.....


আকৌ জনম ল

এই জনমটোতে

আকৌ জনম ল

এই জনমটোতে      

পুনঃ সহি ল'ম

শিল্পী হৃদয়েৰে

সিঁচি যাম তেতিয়া

নৱ কবিতাৰ গীত

সিঁচি যাম তেতিয়া     

নৱ কবিতাৰ গীত

মানৱীয় সংকল্পৰ সাহসেৰে

আজি না‍ই একোৱেই না‍ই

দিবলে আনক প্ৰেৰণা         

সকলো যেন মোৰ শেষ হৈ গ'ল

সকলো যেন মোৰ শেষ হৈ গ'ল

অতীত দিগন্তৰ অচিন বুকুতে

মোৰ না‍ই একোৱেই না‍ই

দিবলে আনক প্ৰেৰণা




(ইউনিক'ডীয় ৰূপান্তৰ  দীপা  ডেকা)

No comments: