তেৰশ চৌৱন্নৰ মাঘৰে মাহতে
ষোল্লৰে বিয়লি বেলা,
পৃথিৱীৰ শিৰতে বজ্ৰপাত পৰিলে
বাপুজী ক'লৈনো গ'লাঁ?
এন্ধাৰৰ মাজেদি জোঁৰ লৈ আহিলাঁ
অশেষ যাতনা ভেদি
মৰমৰ হাঁহিৰে হেংদান ভাঙিলাঁ
অসত্যক কেনিবা খেদি।।
পৃথিৱীখনিয়ে হিংসাৰ তেজেৰে
যেতিয়া ৰাঙলী হ'ল;
অহিংসাৰ বাণীৰে ধুৱালাঁ-পখালা
শতৰু বিস্ময় গ'ল।।
অকলে অকলে কৰ্তব্য পালিলাঁ
নাশিলাঁ পুৰণি প্ৰথা।
নামৰে প্ৰণামি জগতক বিলালাঁ
আল্লা ৰাম একেটি কথা।।
ধূলিৰো তলৰে ধূলিও মাকতিক
লগালাঁ আলফুল হাত।
হৰিজন দলিতক সাবটি ধৰিলাঁ
স্বাৰ্থও পৰিলে শাঁত।।
সোতৰ মাঘতে আকাশত উৰিলে
চন্দন কাঠৰ ধোঁৱা।
ধোঁৱাকে সাবটি ফেকুৰি ফেকুৰি
বতাহে কান্দিছে চোৱাঁ
বাপুজী ক'লৈনো গ'লাঁ?
(ইউনিক'ডীয় ৰূপান্তৰ - উদ্দীপ তালুকদাৰ)
No comments:
Post a Comment