অনুসন্ধান আকাংক্ষাত

Sunday, September 9, 2012

বিজুলীৰ পোহৰ মোৰ নাই






আ........ আ............

          বিজুলীৰ পোহৰ মোৰ নাই

তথাপি এন্ধাৰে মোলৈ ৰ লাগি চায় ||

                    সমাজৰ নাটঘৰ,

তেনেই উকা হয়

আমাৰ ৰূপৰে পঁজাত

হাঁহিৰে পোহৰ যদিহে নেপায় ||



কোনেনো কাহানি ৰচিব কাহিনী

আমাৰ চকুলো লৈ

তাৰো যে ঠিকনা নাই

আহৰিও নাই, আজৰিও নাই ||



নিশাচৰ পিশাচৰ মুখা খুলি যায়

আমাৰ ৰূপৰে উমৰ

ওঁঠৰে উমৰ

পৰশন পাই ||





বোলছবি/এলবাম:                    চিক্‌মিক্‌ বিজুলি
গায়ক/গায়িকা:                        সুমন কল্যানপুৰ
সংগীত পৰিচালক:                  ড৹ ভূপেন হাজৰিকা

(ইউনিক'ডীয় ৰূপান্তৰ  বিষ্ণু শ‍ইকীয়া)

No comments: