অনুসন্ধান আকাংক্ষাত

Saturday, September 1, 2012

কাজিৰঙা কাজিৰঙা কাজিৰঙা ভয়াবহ নহয়




কাজিৰঙা ভয়াবহ নহয়

নহয় অভয়াৰণ্য

ইয়াতকৈও ভয়াবহ জানা

পৃথিৱীৰ জন অৰণ্য...

.....

কজিৰঙা কাজিৰঙা

অৰণ্যৈ যুগে যুগে জন্ম দিলে

সাধনাৰ গতিৰ সীমনী

কত শত জ্ঞানৰে আদৰ্শ দিলে

দিলে কত মনিষী গুনী

সেয়ে ভাৰত আজি হল ধন্য...

.....

কাজিৰঙা মোৰ সেউজ সপোন

আপোন কহৰা বগৰী

সীমাৰ লুইত আৰু ডিফলু আপোন

আপোন মৰমী কুঠৰী

....

মোৰ কাজিৰঙাখনি অনন্য

কাজিৰঙাৰ চিৰসেউজ পৰিবেশ

হস্তী-ব্যঘ্ৰ্ৰৰে বাস

এক খড়্গৰ গড় পৃথিৱীয়ে চাই

পখীৰ সুৱদীয়া প্ৰাকাশ

মোৰ কাজিৰঙা নহয় যে বন্য...

...

কাজিৰঙাত মিলিজুলি খেলে

গড় আৰু হৰিণীৰ জাক

পিছে জনৰ অৰণ্যত হিংস্ৰজনে

কাহানী শিকিবনো তাক

সভ্য মানুহ হেনো মান্য...

...

কাজিৰঙা ভয়াবহ নহয়

নহয় অভয়াৰণ্য

ইয়াতকৈও ভয়াবহ জানা

পৃথিৱীৰ জন অৰণ্য...

কাজিৰঙা কাজিৰঙা

কাজিৰঙা কাজিৰঙা

কাজিৰঙা কাজিৰঙা

আমাৰ কাজিৰঙা ধন্য

প্ৰকৃতিৰ ধুনীয়া কোলাত খেলি

আমাৰ মন হল পূন্য...

কাজিৰঙা কাজিৰঙা

কাজিৰঙা কাজিৰঙা

কাজিৰঙা কাজিৰঙা

কাজিৰঙা কাজিৰঙা



(ইউনিকডীয় ৰূপান্তৰ-দীপা ডেকা)

No comments: