নিজকে কিয় চাওঁ
বুজিতো নাপাওঁ
নিজেই নিজৰ মাজতেই যেন
অচিনাকি হৈ যাওঁ
গভীৰ দুখৰ আছে জানো কিবা শেষ
জীৱন কেৱল অভিনয়ৰেই বেশ
নজনা নদীত মাথোঁ উটিছোঁ
সিপাৰে কিবা পাওঁ
কৰে ভীৰুতাই কত নিকৰুণ ভুল
অবিচাৰে নাশে কত জীৱনৰ ফুল
ধুমুহা বনতো যি ফুলি ৰয়
তাৰেই গীতকে গাওঁ
তাতেই জীৱন পাওঁ ।
(ইউনিক'ডীয় ৰূপান্তৰ → মালিনী গোস্বামী)
No comments:
Post a Comment