অনুসন্ধান আকাংক্ষাত

Saturday, September 8, 2012

প্ৰতিধ্বনি শুনোঁ মই







প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো

মোৰ গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰৰ

নিশাৰ চিঞঁৰটিৰ প্ৰতিধ্বনি শুনো |

কাণ পাতি শুনো মই বুজিব নোৱাৰো

চকু মুদি ভাবো মই ধৰিব নোৱাৰো

হেজাৰ পাহাৰ মই বগাব নাজানো

নিশাৰ চিঞঁৰটিৰ প্ৰতিধ্বনি শুনো |

ব পাৰে কোনো গাভৰুৰ শোক ভৰা কথা

ব পাৰে কোনো আইতাৰ নিশাৰ সাধু কথা

ব পাৰে কোনো ৰংমনৰ কঠীয়া তলিৰ বেথা

চিনা চিনা সুৰটিক চিনিব নাজানো

নিশাৰ চিঞঁৰটিৰ প্ৰতিধ্বনি শুনো |

শেষ হল কোনো গাভৰুৰ শোক ভৰা কথা

শেষ হল কোনো আইতাৰ নিশাৰ সাধু কথা

শেষ হল কোনো ৰংমনৰ কঠীয়াতলিৰ বেথা

চিনা চিনা সুৰটিক চিনিব নাজানো

নতুন চিঞঁৰটিৰ প্ৰতিধ্বনি শুনো |

মোৰ কলা চুলিত ৰাতিপুৱাৰ ৰঙা ৰদ পৰে

চকুৰ আগৰ কুঁৱলিবোৰ ভয়ত উৰা মাৰে


জাগি উঠা মানুহে হেজাৰ চিঞঁৰ মাৰে

তাতে ঠেকা লাগি হাজাৰ পাহাৰ ভাগি পৰে

মানৱ সাগৰত কোলাহল শুনো

নতুন চিঞঁৰটিৰ প্ৰতিধ্বনি শুনো

প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো|




(ইউনিক'ডীয় ৰূপান্তৰ  বিষ্ণু শইকীয়া )

No comments: