অনুসন্ধান আকাংক্ষাত

Tuesday, September 11, 2012

হে বৰ বৰিবা যাই মেনকা





হে  বৰ বৰিবা যাই মেনকা সংগে  দুনী  ঘট

 হে  বৰ বৰিবা যাই মেনকা সংগে  দুনী  ঘট

 মাথাৰ কাপোৰ গুচাই চাইলা জোৱাই  উলংগত

 বৰ বৰিবা যাই মেনকা সংগে  দুনী  ঘট

 মাথাত আছে শৰ্পৰ ফেনা অ অ অ .....

 গলে মূণ্ড মালা ...... 

কংকালে বাঘৰ ছাল ..         

 গাৱে ভশ্ম ধূলা হে 

 বৰ বৰিবা যাই মেনকা সংগে  দুনী  ঘট

 বাইচ্ছটা  ঢেকী ভাঙুৰাৰ হঅ অ অ অ

 তেইছখান কুলা ....

 দিনে ৰাতি  খুণ্ডি মৰে জৈটা ভাংৰ গুৰা হে ...

 বৰ বৰিবা যাই মেনকা সংগে  দুনী  ঘট          

 হাতত আছে দম্বৰুটো ...ও ও ও গাৱে ভশ্ম ধূলি

 চকু দুটা ডাঙাৰ ডাঙাৰ ,পেটটো ভাঙা ডুলি              

 জৈটা ভাংৰ গুৰা ভাঙুৰা  এ হে হে হে ... গাল ভৰিয়া খাই ..

 ভাঙৰ জ্বালাত থাকবা নৰি খুচনি পাৰাক যাই

 এহেহেহে হেহে  বৰ বৰিবা যাই মেনকা সংগে  দুনী  ঘট

 খুচনি পাৰাক যাবাক লকি হঅ অ অ অ

 এহেহে  হকৰা ডমৰা

 নেদু পাৰ্বতীক বিয়া যা গুছি যা ভাঙুৰা ..

 হে  বৰ বৰিবা যাই মেনকা সংগে  দুনী  ঘট

 হে  বৰ বৰিবা যাই মেনকা সংগে  দুনী  ঘট




(ইউনিক'ডীয় ৰূপান্তৰ  বনজীত্‍ পাঠক )

No comments: