অনুসন্ধান আকাংক্ষাত

Tuesday, September 11, 2012

শৰতৰ শেৱালীৰ





শৰতৰ শেৱালীৰ নতুন নিয়ৰে

শুভ্র শুভ্র কিবা ছবি আঁকে

শৰতৰ শেৱালীৰ নতুন নিয়ৰে

শুভ্র শুভ্র কিবা ছবি আঁকে

শুকুলা ডাৱৰৰ পতাকা উৰুৱাই

শুকুলা ডাৱৰৰ পতাকা উৰুৱাই

মুকুতিৰ গীত গায় শৰালি জাকে           

মুকুতিৰ গীত গায় শৰালি জাকে

শৰতৰ শেৱালীৰ



নিয়ৰ বিন্দু হল জীৱন দাপোণ

তাতেই দেখোঁ মই আশাৰ সপোণ      

নিয়ৰ বিন্দু হল জীৱন দাপোণ

তাতেই দেখোঁ মই আশাৰ সপোণ

ক্ষুদ্রতে বিশালত যদি বিচাৰা

ক্ষুদ্রতে বিশালত যদি বিচাৰা

দেখিবা বিন্দুতে সিন্ধু থাকে

দেখিবা বিন্দুতে সিন্ধু থাকে

শৰতৰ শেৱালীৰ........



শৰতৰ সৰাপাত কিয় বুটলিম            

ৰিক্ত ৰিক্ত মন কিয় আদৰিম

শৰতৰ সৰাপাত কিয় বুটলিম     

ৰিক্ত ৰিক্ত মন কিয় আদৰিম      

বন্ধ বন্ধ সীমা কিমান সহিম

বন্ধ বন্ধ সীমা কিমান সহিম

মুগ্ধ মুগ্ধ মই আকাশ দেখি

স্নিগ্ধ স্নিগ্ধ ফুল মনেৰে লেখি

মুগ্ধ মুগ্ধ মই আকাশ দেখি

স্নিগ্ধ স্নিগ্ধ ফুল মনেৰে লেখি

মুক্ত মুক্ত কহুঁৱাৰ নাচোনে

মুক্ত মুক্ত কহুঁৱাৰ নাচোনে

হঁহুৱাই নিৰাশাৰ ফাঁকে ফাঁকে

হঁহুৱাই নিৰাশাৰ ফাঁকে ফাঁকে



শৰতৰ শেৱালীৰ নতুন নিয়ৰে               

শুভ্র শুভ্র কিবা ছবি আঁকে

শুকুলা ডাৱৰৰ পতাকা উৰুৱাই

শুকুলা ডাৱৰৰ পতাকা উৰুৱাই

মুকুতিৰ গীত গায় শৰালি জাকে

মুকুতিৰ গীত গায় শৰালি জাকে        

শৰতৰ শেৱালীৰ নতুন নিয়ৰে

শুভ্র শুভ্র কিবা ছবি আঁকে.......




(ইউনিক'ডীয় ৰূপান্তৰ  স্যামন্ত কুমাৰ গোস্বামী)

No comments: