অনুসন্ধান আকাংক্ষাত

Monday, September 10, 2012

ম‍ই এই মাটিৰে ল’ৰা





ম‍ই এই মাটিৰে লৰা

হৈছিলো অঘৰী

মাটিৰ মোহ এৰি

দিছিলো ভাওনাৰ চং      

আ‍ই ম‍ই কৰিছো পন

আকালৰ জুইতে পোৰা

ৰঙা মাটিৰ

গুচামেই গেৰুৱা ৰং


......


হওক বাম হওক মাটি

যদি উতাকৰীয়া মাটি        

দুদৰা দুবিঘা যি আছে হাতত

তাতে ম‍ই কৰি যাম খেতি

মোৰে পথাৰ আ‍ই

এদিনো নপৰে ছন

এদিনো নপৰে ছন


.....


হুৰ হুৰ বটা চৰাই

হুৰ হুৰ বটা চৰাই

মোৰ আইৰ পথাৰত

যদি আহি পৰে

অচিনা বটা চৰাই

অচিনা বটা চৰাই


....


সাহেৰে দিমে হুৰ..ৰ..ৰ..ৰাই

সাহেৰে দিমে হুৰ..ৰ..ৰ..ৰাই

যোৰ পুৰি পুৰি পালেহি যে হাত

যোৰ পুৰি পুৰি পালেহি যে হাত

ইবেলি বান্ধিছো যে মন

ইবেলি বান্ধিছো মন

ম‍ই এই মাটিৰে লৰা

হৈছিলো অঘৰী

মাটিৰ মোহ এৰি

দিছিলো ভাওনাৰ চং




(ইউনিক'ডীয় ৰূপান্তৰ  দীপা  ডেকা)

No comments: