জেঠৰে তেৰৰে বুধৰ দুপৰীয়া
তেৰশ এসত্তৰ চন ।
বাতৰি আহিলে জৱাহৰ নাই
অবিশ্বাস কৰিবৰ মন ।।
চন্দন কাঠৰে শিখা বাই বাই
যিদিনা জৱাহৰ গ’ল ।
জৱাহৰৰ মানৱী দেহা নেপাইহে
আমাৰো বিশ্বাস হ’ল ।।
জৱাহৰ নোহোৱা হ’বনো পাৰেনে
এনুৱা কথা যে ফাঁকি ।
সিদিনা জৱাহৰে নিজেই নকৈছিলে
জীৱনকাল বহুতো বাকী ।।
ভাৰতী আয়ে দঢ়াই নকৈছিলে
অকণমান জিৰণি লোৱা ।
তুমি নুশুনিলা অশান্ত জৱাহৰ
জিৰণিহে আঁতৰাই থোৱা ।।
মৰম -মুকুট পিন্ধাই অভিষেক পাতিলোঁ
আমাৰে কাৰণেই নিজ সুখ নেওচি
বাঘে-ছাগলীয়ে একেটি ঘাটতে
পানী যাতে পিব পাৰে ।
তেনে পৃথিৱীৰে মূৰতি গঢ়ি লৈ
বুজালা মহিমা তাৰে ।।
দুটি ম’হৰ যুঁজত খাগৰিৰ মৰণ হয়
খাগৰিৰ কাষলৈ গ’লা ।
দুটি ম’হৰ মাজৰে মানুহ –খাগৰিৰ
তুমিহে সাৰথি হ’লা ।।
ৰণমতলীয়া বলিয়া ম’হৰো
শিঙতে ধৰিলা তুমি ।
মহিষাসুৰকো চিঞৰি ক’লাগৈ
পৃথিৱী শান্তিভূমি ।।
সমাজৰ ধন-ধান সৰু-বৰ সবাকে
সমানে ভগাওঁ বুলি
প্ৰতিজ্ঞা কৰোঁতেই লৈ গ’ল ক’ৰবাৰ
ইশ্বৰে কোলালৈ তুলি ।।
দৰ্শন-প্ৰয়াগত তুমি স্নান কৰিলা
আমালৈ ছটিয়ালা পানী ।
বুকু ডাঠে কৰি তোমাক কথা দিলো
আগুৱাম তোমাকে মানি ।।
ৰঙাকৈ গোলাপৰ কলি, হীৰালালে
কাৰ বুকুত সজায়ে দিব ।
পৃথিৱীৰ বিবেক অসহায় হ’লেই
কাৰ পিনে লৱৰি যাব ।।
এতিয়া কৰোঁ কি, কান্দো নে হাঁহো
নে অৰ্দ্ধশতিকাৰ জৱাহৰ যুগটোক
চিৰযুগমীয়া কৰোঁ ।।
(ইউনিক'ডীয় ৰূপান্তৰ - মালিনী গোস্বামী)
No comments:
Post a Comment