অনুসন্ধান আকাংক্ষাত

Tuesday, September 11, 2012

ৰংপুৰ তোৰে নাম হওঁক





ৰংপুৰ তোৰে নাম হওঁক মঙ্গল তোমাৰ

ৰংপুৰ তোৰে নাম হওঁক মঙ্গল তোমাৰ

অতীত ঘাটি চাইলে পাবা ঐতি্হ্য অপাৰ হে

ৰংপুৰ তোৰে নাম হোক মঙ্গল তোমাৰ

চাউলুং চুকাফা এ..

এ ৰাখি গৈলা খ্যাতি                  

আলফুলে গঢ়ি দিলা অসমীয়া জাতি হে          

ৰংপুৰ তোৰে নাম হওঁক মঙ্গল তোমাৰ

ষোলশ সোতৰ শকৰ হে চৈত্য ফাগুণত          

লাই কোঁৱৰ ৰূদ্রসিংহ বহে ৰাজপাটত হে...

এইজনা সর্গদেৱে হে..

ষোলশ বিশত

ৰংপুৰ প্রতিস্থা কৰে নতুন নগৰত হে

ৰংপুৰ তোৰে নাম হোক মঙ্গল তোমাৰ

উত্তৰে দিখৌ নদী হে

এ নামদাং দক্ষিণত

বাহগড় পূবে বাকী দিখৌ পশ্চিমত হে...



বুৰজ্ঞীৰ বাখৰ পটোৱা গহণা ৰংপুৰ

আজিও আছে ৰঙে ৰসে হৈ ভৰপুৰ হে...

বুৰজ্ঞীৰ বাখৰ পটোৱা গহণা ৰংপুৰ

আজিও আছে ৰঙে ৰসে হৈ ভৰপুৰ হে...

অসম সাহিত্য সভাৰ হে জন্ম এহি স্থানত

পদ্মনাথ সভাপতি উনৈশ শ সোঁতৰত হে

উণৈশশ একত্রিশৰ হে

আৱাহন যুগতে..

এহি স্থানে অধিবেশন দ্বিতীয়বাৰ পাতে হে...

ৰংপুৰ তোৰে নাম হওঁক মঙ্গল তোমাৰ

ৰংপুৰ তোৰে নাম হওঁক মঙ্গল তোমাৰ

গোৱালপাৰাৰ গল্প লিখক হে

নগেন্দ্র চৌধুৰী

সভাপতি ৰূপে ভাষাৰ ধৰিলাহি গুৰি হে...

উনৈশশ চৌৱাল্লিশ চনত হে

আহি বাগ্মীবৰ

সোনালী অধ্যায় ৰচে ভাষা সাহিত্যৰ হে

ভাষা গঠনৰ কত কথাকে লিখিম

জনজাতিৰ ভাষাৰ দান কিমান বখানিম হে

বড়ো তিৱা হাজং ৰাভা হে

এ দেউৰি মনিপুৰী...

তাই ভাষাই অসমীয়াক ৰাখে দৃঢ় কৰি হে



স্বৰর্ণ অসমীয়া আৰু চাহবাগিছাৰ ভাষা

অসমীয়া সাহিত্যলৈ আনে ৰঙীন আশা হে

অৰুণাচলী অসমীয়া চিৰ যুগমীয়া                  

ৰাজনীতিয়ে নেমাৰে যেন বন্ধুত্ব অমিয়া হে



গদাপানি ডালি্মীৰ হে ভাষা নাগামিজ

নগা আৰু অসমীয়াৰ মৰমৰে বীজ হে

ৰংপুৰ তোৰে নাম হোক মঙ্গল তোমাৰ



লুম্বেৰ দাইয়ে লিখি গৈলা পৃথিৱীৰে হাঁহি

ৰংবং তেৰাঙে বজায় একতাৰে বাঁহী

বৰাকৰ ৰাজমোহন হেমাংগ বিশ্বাসে

ইতিবাচক সেতু বান্ধে বন্ধুত্বৰ আশ্বাসে

টাবু টাইড ভৃগুমণি মাহেন্দ্র পাগুণে

ঐনিতমৰ সুগন্ধি সাহিত্যলৈ আনে

জনজাতিৰ ভাষাগোষ্ঠীৰ কত বুদ্ধিজীৱি

স্ব ভাষাৰ বিকাশ সধা সাহিত্যৰে দেৱী

যাৰো ভাষা যাৰো মূৰত ব্যাপিব নেপায়      

যুগ যুগৰ সমন্বয়ে তেহে শোভা পায়

মনৰ সেতু বন্ধা আমাৰ অসমীয়া ভাষা

সংযোগী হৈ থাকিলেই পূর্ণ হব আশা



সংঘাতৰে বহু পানী দিখৌ নৈৰে বৈলা

তিৰান্নব্বৈত আহি আজি জাগ্রত হৈলা



ৰংপুৰ নগৰ হৈলা এ

ৰংপুৰ ক্ষেত্র

হয় পৰস্পৰক সন্মান কৰা জনতা সমূদ্র হে

নানা জাতি জনজাতিৰ হে

সম বিকাশ

এহি মন্ত্রে উজ্জ্বল আজি সাহিত্য আকাশ হে

পঞ্চনদীৰ খুশৱন্ত সিং আৰু বঙ্গৰ শংখ ঘোষ

অসমীয়াৰ মৰম লবা নধৰিবা দোষ হে



ভাষা সমন্বয় মঞ্চ হওক সঞ্জীৱিত

সর্বজাতি জনজাতি হওক মিলিত

গুণগত নতুন সম্বন্ধৰে কাহিনী

নতুন সাহিত্যিকে গঢ়ক নতুন বাহিনী

গোবিন্দ পৈৰাৰ দান ভাষালৈ অপাৰ

এই পৰম্পৰা হোক জীয়া বাৰম্বাৰ



ভাৰতে স্বীকৃতি দিলে হে

নেপালী ভাষাৰ

এহি সভাই অভিনন্দন যাচে শতবাৰ হে



দিখৌমুখৰ শৰাগুৰিৰ হে গধূলি প্রভাতে

হজৰত শ্বাহ নিৰাং শ্বাহী আছে তাতে হে

অসমীয়া সাহিত্যৰ হে

জিকিৰ আৰু জাৰি

সমন্বয়ৰ ধ্বজা উৰায় জয় ঘোষণা কৰি হে

সমন্বয় সমন্বয় হে মাথো সমন্বয়

সমন্বয়ে প্রগতিক কৰে জ্যোতির্ময় হে

আজি পৃথিৱীয়ে ডিঙি মেলি হে

ৰংপুৰলৈ চায়

হে ৰংপুৰলৈ চায়

গায়ক ভূপেন্দ্রয়ো আহি প্রণতি জনায় হে



ৰংপুৰ তোৰে নাম হওঁক মঙ্গল তোমাৰ

অতীত ঘাটি চাইলে পাবা ঐতি্হ্য অপাৰ হে

ৰংপুৰ তোৰে নাম হওঁক মঙ্গল তোমাৰ

ৰংপুৰ তোৰে নাম হওঁক মঙ্গল তোমাৰ           

ৰংপুৰ তোৰে নাম হওঁক মঙ্গল তোমাৰ                       

ৰংপুৰ তোৰে নাম হওঁক মঙ্গল তোমাৰ............




(ইউনিক'ডীয় ৰূপান্তৰ  স্যামন্ত কুমাৰ গোস্বামী)

No comments: