মিলনৰে এই শুভ ক্ষণ
পখিলা উৰাদি উৰে মন
মৰমৰে এই আৱাহন
জীৱনৰে মধুৰ লগন ।
লাজৰে বান্ধোন খুলি যায় যায়
বুকুৱে সঁহাৰি পায় পায়
অমৃতময় এই আলিঙ্গন
যেন হৰগৌৰীৰ মহামিলন ।
দয়াবতী পাৰ্বতী আই
নধৰিবা দোষ দায়
তোমাৰ আশীষ মাগিছোঁ
তোমাৰ শিখৰে নাচিছোঁ
উদাৰ মুকুতি পায় ।
প্ৰণয়ৰে পৰিধি নাই
অসীমৰে সীমাই ৰিঙিয়াই
সত্যম শিৱম সুন্দৰম
যুগে যুগে আমি দুয়ো দুয়োতে মগন ।
(ইউনিক'ডীয় ৰূপান্তৰ → মালিনী গোস্বামী)
No comments:
Post a Comment