অনুসন্ধান আকাংক্ষাত

Sunday, September 9, 2012

বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে






বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে

হাহাকাৰ শুনিও নিশব্দে নীৰৱে

বুঢ়া লুইত তুমি,

বুঢ়া লুইত বোৱা কিয়?




নৈতিকতাৰ স্খলন  দেখিও

মানৱতাৰ পতন দেখিও

নিৰ্লজ্জ অলসভাৱে বোৱা কিয়?




জ্ঞানবিহীন নিৰক্ষৰৰ

খাদ্যবিহীন নাগৰিকৰ

নেতৃবিহীনতাত নিমাত কিয়

সহস্র বাৰিষাৰ উন্মাদনাৰ অভিজ্ঞতাৰে

পংগু মানৱক সৱল সংগ্রামী

আৰু অগ্রগামী কৰি নোতোলা কিয়




ব্যক্তি যদি ব্যক্তিকেন্দ্ৰিক

সমষ্টি যদি ব্যক্তিত্বৰহিত

তেনে শিথিল সমাজক নাভাঙা কিয়




তুমিয়ে যদি ব্রহ্মৰে পুত্ৰ

সেই পিতৃত্ব তেনে নাম মাত্ৰ




নহলে প্ৰেৰণা নিদিয়া কিয়




উন্মত্ত ধৰাৰে

কুৰুক্ষেত্ৰৰে শৰসজ্জাকে আলিংগন কৰা

ভীষ্মৰুপী অজস্ৰ বীৰকে

জগাই নোতোলা কিয়?

বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে

হাহাকাৰ শুনিও নিশব্দে নীৰৱে

বুঢ়া লুইত তুমি..

বুঢ়া লুইত বোৱা কিয়?




(ইউনিক'ডীয় ৰূপান্তৰ  মৌচুমী ভূঞা চৌধুৰী)

No comments: