অনুসন্ধান আকাংক্ষাত

Friday, September 7, 2012

তোৰ পৰা মই কিয় যুগে যুগে পাই আছোঁ






তোৰ পৰা মই কিয় যুগে যুগে পাই আছোঁ

মাহী আইৰ লেৰেলা সাদৰ ?

তোৰ পৰা মই কিয় যুগে যুগে পাই আছোঁ

মাহী আইৰ লেৰেলা সাদৰ ?

আকৌ শৰাইঘাত সৄষ্টি নকৰোঁ মই

বিচাৰি মনম সনা বুকুৰ আদৰ,

আকৌ শৰাইঘাত সৄষ্টি নকৰোঁ মই

বিচাৰি মৰম সনা বুকুৰ আদৰ |

তোৰ পৰা মই কিয় যুগে যুগে পাই আছোঁ

মাহী আইৰ লেৰেলা সাদৰ ?

মাহী আইৰ লেৰেলা সাদৰ |



বিড়াল তপস্বীয়ে শুনাই মন্ত্ৰ যদি

গণতন্ত্ৰ আৰু সমাজবাদৰ !

বিড়াল তপস্বীয়ে শুনাই মন্ত্ৰ যদি

গণতন্ত্ৰ আৰু সমাজবাদৰ !

এই মন্ত্ৰৰ ধ্বনিয়ে অন্ত পেলাব জানো

শোষণ-তোষণ আৰু আৰ্তনাদৰ,

শোষণ-তোষণ আৰু আৰ্তনাদৰ ?



চৌদিশে দেখা পাওঁ ক্ষুধাৰ্ত জনতাৰ

স্তব্ধ কন্ঠ দেখোঁ প্ৰতিবাদৰ !

চৌদিশে দেখা পাওঁ ক্ষুধাৰ্ত জনতাৰ

স্তব্ধ কন্ঠ দেখোঁ প্ৰতিবাদৰ !

তোৰ পৰা মই কিয় যুগে যুগে পাই আছোঁ

মাহী আইৰ লেৰেলা সাদৰ ?

মাহী আইৰ লেৰেলা সাদৰ |



জাৰজ নাথ আৰু মাউৰা সজাই মোক

আভুৱা ভাৰিবি তই, আৰু কত কাল ?

নিয়াৰ বেলাত তোৰ দেখা পাওঁ মাহী মুখ,

দিয়াৰ বেলাত হয় সদাই আকাল |

আকৌ শৰাইঘাট সৄষ্টি নকৰোঁ মই,

স্পন্দন নুশুনাওঁ জনমানসৰ;

আকৌ শৰাইঘাট সৄষ্টি নকৰোঁ মই,

স্পন্দন নুশুনাওঁ জনমানসৰ |



তোৰ পৰা মই কিয় যুগে যুগে পাই আছোঁ

মাহী আইৰ লেৰেলা সাদৰ ?                

তোৰ পৰা মই কিয় যুগে যুগে পাই আছোঁ

মাহী আইৰ লেৰেলা সাদৰ ?

আকৌ শৰাইঘাত সৄষ্টি নকৰোঁ মই

বিচাৰি মৰম সনা বুকুৰ আদৰ,

আকৌ শৰাইঘাত সৄষ্টি নকৰোঁ মই

বিচাৰি মৰম সনা বুকুৰ আদৰ |



তোৰ পৰা মই কিয় যুগে যুগে পাই আছোঁ

মাহী আইৰ লেৰেলা সাদৰ ?

মাহী আইৰ লেৰেলা সাদৰ |

মাহী আইৰ লেৰেলা সাদৰ |

মাহী আইৰ লেৰেলা সাদৰ ||



* এলবাম: আকৌ শৰাইঘাট
(ইউনিক'ডীয় ৰূপান্তৰ - প্ৰাঞ্জল বড়া)

No comments: