অনুসন্ধান আকাংক্ষাত

Friday, September 7, 2012

নেকান্দিবা নেকান্দিবা মোৰে নতুন কইনা




নেকান্দিবা নেকান্দিবা মোৰে নতুন কইনা

নেকান্দিবা নেকান্দিবা মোৰে নতুন কইনা

পাহাৰ বগাই ধৰি আনিম তুমি খোজা মইনা মইনা

নেকান্দা কইনা

নেকান্দিবা নেকান্দিবা মোৰে নতুন কইনা

নেকান্দিবা নেকান্দিবা মোৰে নতুন কইনা

পাহাৰ বগাই ধৰি আনিম তুমি খোজা মইনা মইনা

নেকান্দা কইনা



আনৰ সোণ লুকুৱাবলে পিতায়ে শিক্ষা নিদিলে

সমাজৰ ধন চান কাঢ়িবলে আয়ে শিক্ষা নিদিলে

কুবেৰৰো পো নহলো দিবলে সোণ গহণা

পাহাৰ বগাই ধৰি আনিম

এটি জীয়া মইনা মইনা

নেকান্দা কইনা



ধনীৰ ঘৰত কৰাহেঁতেন আজি তুমি কইনা

পেৰা ভৰাই মণি কেৰু পালাহেঁতেন কতনা

পাহৰিব খোজা যদি পেটৰ ভোকৰ যাতনা

দেখোৱাব পাৰো মই কংস বধৰ ভাওনা ভাওনা

নেকান্দা কইনা



আনক মাৰি ধান সাঁচিবলে গুৰুৱে শিক্ষা নিদিলে

মিঠা তেলত বিষ ঢালিবলে গুৰুৱে শিক্ষা নিদিলে

আগলী বাঁহৰে যদি লাহৰী গগণা

শুনিব খুজিছা তুমি বজাই শুনাম মইনা মইনা

নেকান্দা কইনা

নেকান্দিবা নেকান্দিবা মোৰে নতুন কইনা

পাহাৰ বগাই ধৰি আনিম তুমি খোজা মইনা মইনা

নেকান্দা কইনা




(ইউনিক'ডীয় ৰূপান্তৰ  অৰুন্ধতী তালুকদাৰ)

No comments: