অনুসন্ধান আকাংক্ষাত

Saturday, September 1, 2012

কাৰ ঘৰত লখিমী ঘৰলৈ উভতিছে




কাৰ ঘৰত লখিমী ঘৰলৈ উভতিছে

কাৰ ঘৰ কোনে সজাই পৰাই কোনে বাট চাইছে |

কাৰ ঘৰত মেট মৰা কলা ধন বিৰাজিছে

কাৰো ঘৰত অভাৱে জীৱন জোকাৰিছে |

কাৰো ঘৰত প্ৰাচুৰ্য্য ই  পোহৰ মেলিছে |

কাৰো ঘৰত নোপোৱাৰ চকুলো সৰিছে

কোনোবাই কাৰেং সাজি বিদ্যাৰ আলয় পাতিছে |

অভিজাত দোলাৰ সবে ৰঙৰ খেলা খেলিছে |

কাৰোবাৰ পঢ়াশালি জঁকা ভাগি পৰিছে |

দুখীয়াৰ চৱালে তাতে বিয়োগ অংক শিকিছে

কাৰোবাৰ সোণৰ সঁজাৰ ইশ্বৰ বন্দী হৈছে |

দুখীয়াৰ থাপনাতে শলিতা কঁপিছে |

আমিযেন একোটি বনহংস

উৰি উৰি বিছাৰিছো নিজা সত্তা

খাদ্য শান্তি আৰু নিৰাপত্তা

উৰিছো উত্তৰ আৰু দক্ষিণ ক্ষণে

উৰিছো পুৰব আৰু পশ্চিম কোণে

উৰিছো উত্তৰ আৰু দক্ষিণ ক্ষণে

উৰিছো পুৰব আৰু পশ্চিম কোণে

উৰি উৰি  আছো আমি চাইবেৰিয়ালে

উৰি উৰি  আছো আমি তিব্বতলে

উৰি ঘুৰি আহো প্ৰাগয্যোতি্ষলে

আমিযেন একোটি বনহংস

আমিটো বিছৰা নাই কাৰো ধ্বংশ

বিছাৰিছো শান্তিৰ অংশ ...

বনহংস

বনহংস

 
বনহংস




(ইউনিকডীয় ৰূপান্তৰ-বনজীত্‍ পাঠক )              

No comments: