কেলেই
লাগিছে অনন্ত জীৱন
অনন্ত দিনৰে ভৰা
দিনৌ দিনৌ
একে জোন বেলি
একে আকাশৰে তৰা
অনন্ত কালৰ
অনন্ত মানৱে
কিয় সুঁৱৰিব মোক ?
নতুন মানৱে
নতুন কালত
গঢ়োক নতুন লোক ৷
দুদিনলে’
ফুলি দুদিনলে’ হাঁহি
দুদিনীয়া গান গাম
দুদিনতে মই
অৰ্ব্বুদ যুগৰ
আনন্দৰ কণা পাম ৷
অমৰ হৈ
মৰ্ম্মৰ মূৰুতি
নেলাগে নেগাওঁ মই
দুদিনলে’
মই ইয়ালে’ আহিলো
দুদিনতে যামগৈ ৷
সুঁৱৰিব
মোক নালাগে কেৱেই
বেজাৰৰ গীত গাই
অতীতৰ এই
আনন্দ কোঠাই
সুন্দৰ হ্মোৰ ঠাই ৷
সৃজিৰ
আজীৱন
মাত্ৰ এদিন
এখন্তেক
লাগে তোৰ সঙ্গ
এদিনতে কৰি
চিৰদিনলৈ
সাৰ্থক জনম
মাগিছে পুত্ৰ-দান
নামানে তোৰ প্ৰতিনিধি
তাতে
সমৰ্পি সকলো ভৱিস্য
জুৰাৰ জীৱন
পাব শান্তি আত্মাৰ ৷
কোন সতে তই
কোন প্ৰাণহীন বেদ মানি ?
কাৰ ক’ব
হ’ব হানি ?
দিয় যদি
কোঠালি ওলাই
চকুপানী মচি
প্ৰণয়াকাঙ্ক্ষিনী
পবিত্ৰতাৰ ?
[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত-কৱিতা]
[ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া]
No comments:
Post a Comment