অনুসন্ধান আকাংক্ষাত

Saturday, September 1, 2012

কোনে জানে তোমাৰ সপোন হ’ব নে পূৰণ





কোনে জানে তোমাৰ সপোন হব নে পূৰণ ?

আকাশতে থকাজনে লিখে কপালৰ লিখন;

জীৱনৰে ছবি আঁকি কোনে সজাই দিব ?

আকাশতে থকাজনে লিখে কপালৰ লিখন |



জীৱন বীণা আনন্দেৰে যদি খোজা বজাব

হাঁহি হাঁহি বিধিৰ লিপি মানিলেই হ;

দুখত যদি হাঁহি থাকা মচি তোমাৰ মৰণ,

আকাশতে থকাজনে লিখে কপালৰ লিখন |



জীৱনৰ আন এটি নাম পদুম পাতৰ পানী,

প্ৰভাতে যে কাল সন্ধিয়াৰ নেজানে আঁচনি, আঁচনি |

কোনে জানে কাহানি হয় উশাহৰ মৰণ,

আকাশতে থকাজনে লিখে কপালৰ লিখন |

আকাশতে থকাজনে লিখে কপালৰ লিখন |



কোনে জানে তোমাৰ সপোন হব নে পূৰণ ?

আকাশতে থকাজনে লিখে কপালৰ লিখন ||





সংগীত পৰিচালক     : ভূপেন হাজৰিকা
কণ্ঠ                   : শ্যামল মিত্ৰ
পৰিচালক             :
মুক্তি                  :  ১৯৬৫
(ইউনিকডীয় ৰূপান্তৰ-প্ৰাঞ্জল বড়া)

No comments: