কথা:
১৯৫০ চনৰ ফাগুন মাহত পাৰ্বতী প্ৰসাদে সেউজী পাৰৰ
নিৰলা ঘৰত বিদায় পৰৰ কোনোবা মূহুৰ্তৰ উচুপনিত গীতেৰে
বান্ধি চিৰযুগামীয়া কৰিলে
গীত :
সেউজী পাৰত তোমাৰ নিৰলা ঘৰত, বিদায় পৰত,
উচুপি যি কথা ক’লা, জানোচা পাহৰি গ’লা,
জানোচা পাহৰি গ’লা, সেউজী পাৰত |
মাথো এটি ৰাতি প্ৰেমৰ সঁফুৰা সমুলি দিছিলা মেলি,
মন ভাল লগা গীতৰ সুৱদি ঢালি
নিশা পুৱতিত তোমাৰ বাতেদি, যেতিয়া আতৰ হ’লা,
জানোচা পাহৰি গ’লা, জানোচা পাহৰি গ’লা |
সেউজী পাৰত ..
তোমাৰ খোপাৰ সৰি পৰা এটি, ৰঙা কৰবিৰ পাহি,
তাৰো আজি হায় পাপৰি গ’ল মৰহি
তেনেকৈয়ে হায় শুকালে যেতিয়া, পিন্ধালো যিধাৰি মালা,
জানোচা পাহৰি গ’লা, জানোচা পাহৰি গ’লা;
সেউজী পাৰত তোমাৰ নিৰলা ঘৰত, বিদায় পৰত,
উচুপি যি কথা ক’লা, জানোচা পাহৰি গ’লা,
জানোচা পাহৰি গ’লা, সেউজী পাৰত |
(ইউনিক'ডীয় ৰূপান্তৰ -দীপাংকৰ চেতিয়া)
No comments:
Post a Comment