গাড়ী-ঘোঁৰা-লৰি-মটৰ
দেখি কি মাতে তাই
ডাৱৰ মাতে, তৰা মাতে
ৰাতিপুৱাৰ কুঁৱলীকো
আকাশী জোনবাই ৷
বেলিও মাতে
ৰ’দে মাতে
মাতে বৰষুণ
ৰামধেনুখন দেখিয়ে মাতেই
কোনো অচিনাকি নাই,
সকলোকে ভাল পায়
৷
তাই মতাতেই
পৃথিৱীখনেই
মোৰ কোঠালৈ আহে,
মোৰ গান-কবিতাত
ভুমুক মাৰি
তাইৰে দৰেই
আলফুলকৈ হাঁহে ৷
[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা শিশু-কবিতা; তামোলবাৰী (১৬/০৯/১৯৪৮]
[ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া]
No comments:
Post a Comment