অনুসন্ধান আকাংক্ষাত

Friday, September 7, 2012

দূৰ দিগন্তত

[কথা:-  মোৰ দিনান্তত সোঁৱৰণী উৰা দেখিলে মোৰ হৃদয় ৰিক্ত হয় ..
অতীতে মন দহে , মোক ৰিক্ত কৰে ......আজি ৰিক্ত কৰে ৷ ]


দূৰ দিগন্তত

দেখিছোঁ ৰিণিকি

সোঁৱৰণী বগ উৰে.. !

-


দূৰ দিগন্তত

দেখিছোঁ ৰিণিকি

সোঁৱৰণী বগ উৰে... !

উৰি উৰি উৰি

মোৰ দিনান্তক

আজি ৰিক্ত কৰে

মোক ৰিক্ত কৰে !

আজি ৰিক্ত কৰে

মোক ৰিক্ত কৰে !

-


চেনেহ সাগৰ

মথিলোঁ কতনা

ৰহণ জিলিকি পৰা !

সেই সাগৰে

ঢালি দিলে আহি

সেই সাগৰে

ঢালি দিলে আহি

মৰণ বিষৰ ধাৰা ..!

জীৱনৰে আবেলিতে

নিশাই ঢাকি ধৰে !

আজি ৰিক্ত কৰে

মোক ৰিক্ত কৰে !

আজি ৰিক্ত কৰে

মোক ৰিক্ত কৰে !

-


দিলা নুমুৱাই

মোৰ বন্তি

জীৱন শলিতা পোৰা !

কাষতে জিলিকে

হাঁহি তোমাৰ !

ভুৱন বলিয়া কৰা !

দিলা নুমুৱাই

মোৰ বন্তি

জীৱন শলিতা পোৰা !

কাষতে জিলিকে

হাঁহি তোমাৰ !

ভুৱন বলিয়া কৰা !

অভিযোগ নাই মোৰ

অভিমান ও নাই

ঘৃণাৰে উপচি পৰা !

(মোৰ অশ্রুৱে

তোমাৰ বুকুত)←২


ঢালক সুখৰ নিজৰা !

তোমাৰ ৰূপৰ ৰামধনু ৰং

ধৰাত চিটিকি পৰে..!

আজি ৰিক্ত কৰে

মোক ৰিক্ত কৰে !

হে  ৰিক্ত কৰে

মোক ৰিক্ত কৰে !

দূৰ দিগন্তত

দেখিছোঁ ৰিণিকি

সোঁৱৰণী বগ উৰে.. !

উৰি উৰি উৰি

মোৰ দিনান্তক

আজি ৰিক্ত কৰে

মোক ৰিক্ত কৰে←২


আজি ৰিক্ত কৰে !

মোক ৰিক্ত কৰে

আজি ৰিক্ত কৰে ।।

-

(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
[গীতটি প্রথমে গুৱাহাটী(১৯৫৪ চন)ত, পিচত নতুন ৰূপত গায় কলকাতা (৫ চেপ্টেম্বৰ ১৯৯৩ চন)ত]
(ইউনিক'ডীয় ৰূপান্তৰ  স্যামন্ত কুমাৰ গোস্বামী)

No comments: