অনুসন্ধান আকাংক্ষাত

Saturday, September 8, 2012

প্রচন্দ ধুমুহাই প্রশ্ন কৰে মোক






প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক

তোমাৰ প্ৰাপ্য কি কোৱা

মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লোঁ

তোমাৰ শক্তিখিনি দিয়া।

বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে

তোমাৰ কাম্য কি কোৱা

মই ক'লোঁ বজ্ৰ তোমাৰ শক্তিশালী

উদাত্ত কণ্ঠটি দিয়া।



এদিন আকাশে ক'লে জনৈক গীতিকাৰে

অকণি আকাশ দেখোঁ মাগে

তুমি কিয় আজি বাৰু কম্পিত কণ্ঠৰে

মাগিছা সৰ্বাকাশ সত্তা,

মই ক'লোঁ তুমিয়েইতো কৈছিলা ৰাতিপুৱা

যিমানে বিলাই দিবা সিমানে মহান হ'বা

তাৰে নাম সঁচা উদাৰতা।

সেয়েহে আকাশ তুমি

দিব যদি খুজিছাই

সংকীৰ্ণতা এৰি দিয়া

অৱদান ৰূপে

তোমাৰ পূৰ্ণ বিশালতা..

দিয়া যদি আজিয়েই দিয়া ।



মহাকাশে দিলে মোক বিশাল দৃষ্টি

আৰু ধুমুহাই প্ৰচণ্ড শক্তি

বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ

আৰু দিলে সাহসৰ যুক্তি।

বজ্ৰৰ কণ্ঠেৰে

 ধুমুহাৰ শক্তিৰে

গীত গাই কঁপাম দিগন্ত,

দানৱৰ সমাজতো গাম মানৱৰে গীত

কলিজাৰ সঁচা সুৰ-সিক্ত |



মূমুৰ্ষু মানৱক জীৱনৰ বিদ্যুত্‍

কিঞ্চিতো যদি দিব পাৰোঁ,

আকাশ ধুমুহা আৰু বজ্ৰক

তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ।




(ইউনিক'ডীয় ৰূপান্তৰ  গীতাৰ্থ বৰদলৈ)

No comments: