অনুসন্ধান আকাংক্ষাত

Tuesday, September 11, 2012

লুইতত ভুটুঙাই ওলাল শিহু





লুইতত ভুটুঙাই ওলাল শিহু

আজি বোলে ৰঙালী বিহু বিহু

হে লুইতত ভুটুঙাই ওলাল শিহু

আজি বোলে ৰঙালী বিহু বিহু

জেং লেতেকুৱে তোপ

দলদোপ দলদোপ হেন্দোলদোপ

ধেমালী চাই যা ধেমালী চা

সমাজৰ পথাৰত কোনোবা খেলুৱৈয়ে

কাক বা সাজিচে টোপ

ৰাইজৰ এইগাল লোক

দলদোপ দলদোপ হেন্দোলদোপ

ধেমালী চাই যা ধেমালী চা

.....


ইফালেদি লথিয়ায়

ৰংমন ভদীয়াক

সিফালেদি লথিয়ায় তোক

নাজিতৰা সিফালেদি লথিয়ায় তোক

ৰঙালী বিহুটিক

কঙালী কৰিলে

পেটৰো নুগুছে যে ভোক

নাজিতৰা পেটৰো নুগুছে যে ভোক

দুদিন বিহু কৰি এবছৰ কান্দিবি

কিনিবি দুখৰ হে শোক

হে ৰাইজৰ এইগাল লোক

দলদোপ দলদোপ হেন্দোলদোপ

ধেমালী চাই যা ধেমালী চা

.....


হে বিহু কাপোৰ বিচাৰি

খালো হাবাথুৰি

সূতাও মহঙা হল অ

গোবিন্দাই ৰাম

হে বিহু কাপোৰ বিচাৰি

খালো হাবাথুৰি

সূতাও মহঙা হল অ

গোবিন্দাই ৰাম

বৰ বৰ দেউতাৰ পদূলি সাৰোতে

ককাল মোৰ ভাগিয়েই গল ঐ

গোবিন্দাই ৰাম

হে চাওতে চাওতে গলবাৰ বিহুতে

গৰুহাল বন্ধকিত গল ঐ

গোবিন্দাই ৰাম

.....


কোনোবা সমূদ্ৰত বোমা ফুটুৱালে

কৰবাত পৰিলে ছাই

হে কোনোবা সমূদ্ৰত বোমা ফুটুৱালে

কৰবাত পৰিলে ছাই

হে এ গণ্ডা বোমাৰে পৃথিৱী পূৰিব

কৰবাৰ ৰণ বলিয়াই

হে উদযান বোমাৰে

কোন গান বখানি

নকবি ভনী ত‍ই মোক

বোলে ৰণ হলে খাম কি

বোলে ৰণ হলে গাম কি

মৰিব দেশৰ হে লোক



শান্তিৰে নিজৰাত

নিজৰি নগলে

নিজৰি নগলে

আমি হম বৰশীৰে টোপ



অতিকৈনো চেনেহৰ বহাগৰনো বিহুটি্ৰ

বহাগৰনো বিহুটিৰ

সূৰটিও পাবগৈ লোপ


....



ৰাইজৰ এইগাল লোক

দলদোপ দলদোপ হেন্দোলদোপ

ৰাইজৰ এইগাল লোক

দলদোপ দলদোপ হেন্দোলদোপ

ধেমালী চাই যা ধেমালী চা



এ বোৱতী সূতিটিক অ আইতা ভেতিব যে নোৱাৰি  আইতা

ভেটা ভাঙে ঘনে ঘনে

বোৱতী সূতিটিক অ আইতা ভেতিব যে নোৱাৰি আইতা

ভেটা ভাঙে ঘনে ঘনে

দেশৰে ৰাইজে অ আইতা

কঢ়িয়াই লৈ যোৱা অ আইতা

সময়ক ভেটিব কোনে




(ইউনিক'ডীয় ৰূপান্তৰ  দীপা  ডেকা)

No comments: