অনুসন্ধান আকাংক্ষাত

Monday, September 10, 2012

মোৰ মন বাঘ যদি আজি প্ৰজাপতি হয়






মোৰ মন বাঘ যদি আজি প্ৰজাপতি হয়

মোৰ মন বাঘ যদি আজি প্ৰজাপতি হয়

আৰু কৰবাৰ চিলনীয়ে খেদি খেদি কয়

তোৰ সাহৰ দেখোঁ কোনো চিন চাব নাই

মই কম কি ?

মই কম কি ?



মোৰ মাটিডৰা যদি আজি ছন পৰি যায়

আৰু আইয়ে যদি কান্দি মোক আহি কয়

সেউজ ৰং মোক বাৰু কিয় নিদিলি

সেউজ ৰং মোক বাৰু কিয় নিদিলি

মই কম কি ?

মই কম কি ?


মোৰ বুকুখন যদি আজি পাল হৈ যায়

ধুমুহাই যদি তাতে সঘনে কোবায়

মই জানো মুখখন হাতেৰে ঢাকিম

চিঞৰিম আকাশ কঁপাই

চিঞৰিম আকাশ কঁপাই



মোৰ দেশখন যদি আজি আই হৈ যায়

আৰু আইয়ে যদি কান্দি বাৰে বাৰে বাৰে বাৰে কয়

তই বাৰু মোৰ বাবে কি কৰিলি

তই বাৰু মোৰ বাবে কি কৰিলি

মই কম কি ?

মই কম কি ?

মই কম কি ?

মই কম কি ?


(ইউনিক'ডীয় ৰূপান্তৰ  মৌচুমী ভূঞা চৌধুৰী)

No comments: