দেহি ঐ..এই হেন বতৰত
কোন থাকে ভিতৰত
এ থাকে নে অ’ আখলত
নে জুহালত নে মাৰলত
এ ক’ৰেনো
অ’ আকৰী এইজনী
কথা : ( অ’ নাজিতৰা অ’ নাহনে ঐ
মোৰ সৰিয়হ ঐ ফুলিছে গাত
বোলো আহ ঔ’...আহ ওলাই )
আহ ওলাই আহ এইজনী
মিতিৰ আৰু বাই ভনী
দয়াৰ মৰম বাখৰ মনি এ আগলতি কলৰে পাত
বোলো কেলেই উচপিচ খন কৰিছ
জীয়া জুই জ্বলাই মাৰিছ
জীয়া জুইকুৰা পুহিছ দে দে ঐ এষাৰি মাত
আকৌ চিনি তোলা তুলা পাত
আইজনী ওলাই ওলাই মাত
আইজনী ওলাই ওলাই মাত
মইনা চৰাই মতাদি মাত ঐ
নাৰী কণ্ঠ : ঐ...
এ বৰককাই যেন গুনিছো কাইটি
এনেহে মান কৰিছো কাইটি
মন কাৰোবাক যাচিছো কাইটি
কেলেইনো তই এনুৱা হলি
পুৰুষ কণ্ঠ কথা:
তই ককাই বুলিলি ,
তোৰ কথাষাৰটো মই টং কৰা নাছিলো
নাৰী কণ্ঠ : বোলো কেলেই এনেখন কৰিছ
কেলেই জীয়া জুইত পৰিছ
এ কেলেই দেই পুৰি মৰিছ
হে যা যা ঐ নাখাবি সমাজৰ শাও পাত
পুৰুষ কণ্ঠ কথা:
ঐ নাজিতৰা মই যাওগে দে নগা পাহাৰলে ,
গীত : চাপৰি চাপৰি মইনা তোলো বাঁহ খৰি
মইনা তোলো বাঁহ খৰি
এসন্ধ্যা ঐ সুখেৰে খামে বোলো
আইজনী কাৰেনো পোৱাল মণি
কথাৰ শেলে শালিলি নগাৰনো পাহাৰলৈ যাম
অ’
নাজিতৰা নাহোনো আজিৰ পৰা
নাচাওনো আজিৰ পৰা
নাচাওনো সোণ পূৰ্ণিমাৰ জোন
নাৰী কণ্ঠ : যোৰ পাতি উৰিলে
বগ বগলী বগা হৈ
কপালতে লিখিলে
বিধিৰে বিধাতা ঐ
আমাৰ যোৰ ঐ পাতোতা নাই
অ’
সোণামুৱা নাহোনো আজিৰ পৰা
নাচাওনো আজিৰ পৰা ডেকাদতিৰ বৰতীয়া গা
পুৰুষ কণ্ঠ কথা:
হেৰৌ কোনে যোৰ পাতিব এতিয়া ,
তোৰ নাই মোৰ নাই
গীত : ফুলপানী চিঙাতে ছিটিকা পাতিলো
লাগক কপৌ জনী বুলি
বোলো এইজনী
বোলো এইজনী
কোন ফালৰ মোৰ ভনী
কোন ফালৰ মোৰ ভনী
কোন তেলকা কৈ বনী
লং ইলাচী দালচেনী
নুখুৱাই ঐ..যুৰীয়াই ঐ
দিছিলি তামোল খনি মোক
এ দিছিলি তামোল খনি মোক
নাৰী কণ্ঠ : হে ফুল গৈ মেলিলো
ছিটিকা ছিঙিলো
গ’ল কপৌজনী উৰি
বোলো এইজনী
অ’
বোলো এইজনী
তোৰ মিতিৰৰ মই ভনী
তোৰ মিতিৰৰ মই ভনী যা যা ঐ...
নগাৰ ছাঙে তলে যা
পুৰুষ কণ্ঠ : পৰ্বতে পৰ্বতে বগাব পাৰো মই
পৰ্বতে পৰ্বতে বগাব পাৰো মই
নাৰী কণ্ঠ : এ লতানো বগাবলৈ টান
যুৰীয়া হাতিকো বলাব পাৰ তই
অ’
বলাব পাৰ তই
পুৰুষ কণ্ঠ : তোকেনো বলোৱা টান
দ্বৈত কণ্ঠ : হয়্নে নহয়নে
নাৰী কণ্ঠ : নে নে ফুচুলাই নে
নে তামোল পান কাটি নে
নহলে পলুৱাই নে
তেহে বুলিম ভোমোৰাৰ জাত
পুৰুষ কণ্ঠ : হেৰ ভোমোৰা যেতিয়া বুলিছ লাহৰী
ভোমোৰা যেতিয়া বুলিছ লাহৰী
কথা এটা কও তই শুন
বোলো প্ৰথম বহাগতে
ককাই বুলি মতাতো
তোৰ বাৰু দোষ নে গুণ
গীত : এ বোলো প্ৰথম বহাগতে
ককাই বুলি মতাতো
তোৰ বা দোষ নে গুন
নাৰী কণ্ঠ : এ ককাই বুলি মাতিলৈ
ওচৰ হে চাপিছিলো
( পুৰুষ কণ্ঠ কথা :
হেৰ এইটো কথা নেকি )
ককাই বুলি মাতিলৈ
ওচৰ হে চাপিছিলো
ভিতৰি যে কথাটো অইন
অ’
মোৰ চেনাইটি
নুবুজিলি মোৰ মনটি
ভিতৰি মোৰ কথাটো অইন
পুৰুষ কণ্ঠ : অইন যদি কথাটো
তোক ভনী বুলি নেমাতো
অইন যদি কথাটো
তোক ভনী বুলি নেমাতো
তেতিয়াহে প্ৰেম হব ধইন
অ’ মোৰ লাহৰী
নাযাও তোক মই পাহৰি
নাৰী কণ্ঠ : এ নাযাবি মোক পাহৰি
নাধালিবি জ্বলা জুইত ঘিউ
পুৰুষ কণ্ঠ : হে ফাতিৰে ডঙুৱা
নহও মই বেপাৰী
নাজান যদিহে
হেৰ শুন ঐ আকৰী
কথা : আভুৱা নাভাবিবি দেই মোক
গীত : আভুৱা নাভাবিবি মোক
নাৰী কণ্ঠ : সেন্দুৰীক চলি চলিছিল
সেন্দুৰৰ টেমা টেমা দি
সেন্দুৰৰ টেমা টেমা দি
পমিলীক চলি চলিছিল লঙে
মাৰক গৈ চলি চলিছিল
গুৱালৰ এঠা গাখীৰে
গুৱালৰ এঠা গাখীৰে
বাপেৰক চলি চলিছিল ধনে
পুৰুষ কণ্ঠ : (কথা )
তোক মই মনেৰেহে জিনিছো দেই ,
ধনেৰে কিনা নাই
এই কথাষাৰ ব্ৰহ্মাণ্ডৈ জানে
নাৰী কণ্ঠ : জানেতো
এ বা বা বা ঢোলে বা
গা গা গা বিহু গা
মই নাচো তইয়ে চা
নাচোনত বন মৰে চা
বহাগৰে বলিয়া বা
পুৰুষ কণ্ঠ : বাও বাও ঢোলে বাও
তই নাচিদে মইয়েই গাও
উজাই নে ভটিয়াই যাও
ইচাট বিচাট লাগিচে গাটো
ডম্বৰু জীয়া জীৱন কি কৰো
কেঁচা যৌবন কি কৰো
বহাগৰে উতলা বা
ডুগ ডুগ ডুগ ডম্বৰু
জীয়া জীৱন কি কৰো
নাৰী কণ্ঠ : কেঁচা যৌবন মই কি কৰো
বহাগৰে যে উতলা বা
দ্বৈত কণ্ঠ : ডুগ ডুগ ডুগ ডম্বৰু
জীয়া জীৱন কি কৰো
কেঁচা যৌবন মই কি কৰো
বহাগৰে যে উতলা বা
(ইউনিক'ডীয় ৰূপান্তৰ → দীপা ডেকা)
No comments:
Post a Comment