অনুসন্ধান আকাংক্ষাত

Sunday, September 9, 2012

বহুদিনৰ আগতে গধুলিৰে পৰতে





বহুদিনৰ আগতে

গধুলিৰে পৰতে

তোমাৰ ৰূপহ শিখা দেখা

আজি পৰে মনতে

বহুদিনৰ আগতে

মোৰে সৰু কোঠাতে

নেমেলা খিৰিকীতে

তুমি আহি মাত দিলা

ধুনীয়া নিশাতে

বহুদিনৰ আগতে


.....


কলীয়া ধুমুহাৰে

শত শত বিপদে

কলীয়া ধুমুহাৰে

শত শত বিপদে

তোমাৰ মোৰ সপোনখিনি

কপালে গচকেতে

বহুদিনৰ আগতে


.....


আমাৰ চেনেহ সাগৰৰে

দেখি সাহস জোৱাৰতে

বিপদৰে ধুমুহাই পলালে পলকতে

বহুদিনৰ আগতে


......


আজি ৰভা তলীতে

নামৰে জাউৰীতে

ঐ ৰাম

তোমাক মোকে বান্ধিছে

হে এটি বিবাহ ডোলতে

আজি ৰভা তলীতে

বহুদিনৰ আগতে      

গধুলিৰে পৰতে

তোমাৰ ৰূপহ শিখা দেখা

আজি পৰে মনতে     

বহুদিনৰ আগতে




(ইউনিক'ডীয় ৰূপান্তৰ  দীপা ডেকা)

No comments: