অনুসন্ধান আকাংক্ষাত

Friday, September 7, 2012

টোপ টোপ নিয়ৰ সৰিছে চাৰে তিনিটা বাজিছে (বিহুসুৰীয়া)




কেতিয়াবা এনেকুৱা লাগে কিয়নো ?

বুকু খনি সুদা সুদা লাগে কিয় মোৰ ?

মইনাজান অ

মইনাজান অ,

নেজানোঁ সোণ আজি তুমি

আছা কেনেকৈ ?

আছা কেনেকৈ ?

আছা কেনেকৈ ?     (...ভূ:হা:)



টোপ টোপ নিয়ৰ সৰিছে,

চাৰে তিনটা বাজিছে,

টোপ টোপ নিয়ৰ সৰিছে,

চাৰে তিনিটা বাজিছে |

তোমালৈ মোৰ আজিও

মনত পৰে জানানে ?

তোমালৈ মোৰ আজিও

মনত পৰে সঁছায়ে |

দেহা ঐ, দেহা ঐ |  (...ভূ:হা:)



টোপ টোপ নিয়ৰ সৰিছে,

চাৰে তিনিটা বাজিছে,

টোপ টোপ নিয়ৰ সৰিছে,

চাৰে তিনিটা বাজিছে |

তোমালৈ মোৰ আজিও

মনত পৰে সঁছায়ে |

তোমালৈ মোৰ আজিও

মনত পৰে সঁছায়ে |

দেহা ঐ,

বোলো অ দেহা ঐ |      (...পু:স:)



যেন শৰতৰে অ মইনা

সৰি পৰা শেৱালি,

ফুল তলে সৰা অ মইনা

কোনে লবা বুটলি ?

বহু আশা বুকুৰে

ৰাতিতে যায় মৰহী,

সানি যোৱা সপোনবোৰ

নাহে আৰু উভটি,

নিয়ৰতে সেমেকি ৰয়

দুবৰিকে লৈ,

মইও আছোঁ

অতীতকে বুকুত বান্ধি ঐ |  (...২ বাৰ, নাৰী)

নিয়ৰতে সেমেকি ৰয়

দুবৰিকে লৈ,             

মইও আছোঁ

অতীতকে বুকুত বান্ধি ঐ |  (...২ বাৰ, নাৰী)



আঘোণৰে কুঁৱলি

বুকুৰে বিষ পুৰণি,

আঘোণৰে কুঁৱলি,

বুকুৰে বিষ পুৰণি,

পাহৰি যাওঁ বুলিও

পাহৰিব নোৱাৰি |

পাহৰি যাওঁ বুলিও চোন

পাহৰিব নোৱাৰি |

দেহা ঐ

দেহা ঐ | (...ভূ:হা:, পু:স:)



আঘোণৰে কুঁৱলি

বুকুৰে বিষ পুৰণি,

আঘোণৰে কুঁৱলি,          

বুকুৰে বিষ পুৰণি,

পাহৰি যাওঁ বুলিও চোন

পাহৰিব নোৱাৰি |

পাহৰি যাওঁ বুলিও চোন

পাহৰিব নোৱাৰি |

দেহা ঐ,

বোলো অ দেহা ঐ |

দেহা ঐ,

বোলো অ দেহা ঐ |   (...পু:স:)



শীত বাগৰোঁতে অ মইনা

গাতে লবা নিহালি,

কিয় গৰমতে অ মইনা

দেখি লাগে আমনি;

মৰমে মোৰ তোমাকে

আমুৱালে কিজানি !

সেয়ে তুমি গলাগৈ

মোৰে পৰা আতৰি

কলিজাকে বিন্ধি থকা

দুখকে দি থৈ,

দুদিনৰে বাবে মাথো

মোৰে আপোন হৈ |

কলিজাকে বিন্ধি থকা

দুখকে দি থৈ,

দুদিনৰে বাবে মাথো

মোৰে আপোন হৈ |



যেন শৰতৰে অ মইনা

সৰি পৰা শেৱালি,

ফুল তলে সৰা অ মইনা

কোনে লবা বুটলি ?

শীত বাগৰোঁতে অ মইনা

গাতে লবা নিহালি,

কিয় গৰমতে অ মইনা

দেখি লাগে আমনি ?



নিয়ৰতে সেমেকি ৰয়

দুবৰিকে লৈ,

মইও আছোঁ

অতীতকে বুকুত বান্ধি ঐ

কলিজাকে বিন্ধি থকা

দুখকে দি থৈ,

দুদিনৰে বাবে মাথো

মোৰে আপোন হৈ |    (...নাৰী)




(ইউনিক'ডীয় ৰূপান্তৰ - প্ৰাঞ্জল বড়া)

No comments: