অনুসন্ধান আকাংক্ষাত

Tuesday, September 4, 2012

জীৱন সিন্ধু বহু বিন্দুৰে হয়




জীৱন সিন্ধু বহু বিন্দুৰে হয়

যদি কর্ম্মেৰে হয় বিন্দু পূর্ণ ।

অলস চিন্তা অগভীৰ আঁচনিয়ে

জয়ৰ বাসনা কৰে চূর্ণ ।।



অসমবাসী এমুঠি মানুহ              

তাতে যদি হয় নানান প্রভেদ

সামূহিক মঙ্গল হয় মষিমূৰ

উমি উমি থাকে যদি

ক্রোধ আৰু জেদ,

সকলোৱে শান্তিৰে কৰা আলচ

ৰিক্ত মনক কৰা পূর্ণ ।।



সমাজক এৰি কোনো বাদ নহয়

সমাজবাদ আজিৰ লক্ষ্য

জীৱনবোধহীন ব্যক্তিৰ বাবে

পৰিধি মাথোঁ হয় নিজ কক্ষ

স্বার্থপৰ যান্ত্রিক দৃষ্টিয়ে

শাসনক কৰে সঙ্কীর্ণ ।।



মহাভাৰতৰ মহা অঙ্গ অসম

সৱাৰে অৱহেলা নেওচিব লাগে,

শোষণৰ বিপৰীতে হেজাৰে জাগে

শোষিতই সাহসৰ মন্ত্রেৰে কৰে

শোষকৰ বক্ষ বিদীর্ণ ।।




(ইউনিক'ডীয় ৰূপান্তৰ - স্যামন্ত কুমাৰ গোস্বামী)

No comments: