অনুসন্ধান আকাংক্ষাত

Saturday, September 1, 2012

পোহৰ বিচাৰি জুই সাৱটিলি (কিনো অভাগা কপাল হৰি )




পোহৰ বিচাৰি জুই সাৱটিলি

দহন হে তোৰ লগৰীয়া

জনসমুদ্ৰত অকলে উটিছ

সঙ্গীহীন ভাগৰুৱা



কিনো অভাগা কপাল হৰি

ইনো কি তোৰ নিঠুৰ বিধান



দুহাতৰ যত সুখ আনতে বিলালি

নিজে ৰৈ দুখতে মজি তই



ভাবিছিলি যে তই তোৰেই ঘৰখন

ভকতিৰ গোঁসাই ঘৰ হ

তোৰ থাপনাত বন্তি জ্বলিব

গোঁসাইঘৰ উৰুখি থাপনাও বাগৰি

শলিতাও শেষ হল পুৰি

তোৰ ভাষা গল কলিতে মৰি



লক্ষ্য নেজানি অচিনা বাটেদি

অকলে আছ যে বুলি

তই, প্ৰভুকে সাৰথি কৰি



কিনো পোৱাৰ আশাত

লৈ নো গৈ আছ

নিয়তিৰ হাততে ধৰি

তই, বিধিয়েও নাজানে আজি




(ইউনিকডীয় ৰূপান্তৰ-মালিনী গোস্বামী)

1 comment:

আকাংক্ষা (Akansya) said...

বোলছবি/এলবাম: জীৱন সুৰভি (১৯৮৪)
গায়ক : ভূপেন হাজৰিকা
সংগীত পৰিচালক : ভূপেন হাজৰিকা